NORTHEAST NOW (Assamese)
অসম

অভিনৱ কৌশল, শৌচাগাৰলৈ গৈ নকলৰ আশ্ৰয় এইমছৰ শিক্ষাৰ্থীৰ! বাতিল MBBS-ৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 27, 2026 10:44 am

দিল্লী এইমছৰ দৰে দেশৰ অন্যতম শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানতো নকলৰ বাবে এটা MBBS পৰীক্ষা বাতিল কৰা হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ সময়ত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে লুকাই ৰখা মোবাইল ফোন ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত উত্তৰ বিচাৰিছিল। সেয়ে মিড ছেমিষ্টাৰৰ বায়োকেমিষ্ট্ৰি  পৰীক্ষা বাতিল কৰা হয়।

সূত্ৰ অনুসৰি পৰীক্ষাৰ সময়ত বহু পৰীক্ষাৰ্থীয়ে হঠাতে বাৰে বাৰে শৌচাগাৰলৈ যোৱাৰ অনুমতি বিচাৰিবলৈ আৰম্ভ কৰে। বিষয়টো সন্দেহজনক যেন লগাত নিৰীক্ষণ বৃদ্ধি কৰা হয়। পিছত দেখা গ’ল যে ইতিমধ্যে শৌচাগাৰৰ ভিতৰত এটা মোবাইল ফোন লুকুৱাই থোৱা আছিল, যাৰ সহায়ত প্ৰাৰ্থীসকলে প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে সেই ফোন ব্যৱহাৰ কৰি ChatGPT ৰ সহায়ত প্ৰশ্নৰ উত্তৰ সন্ধান কৰিছিল। সন্দেহ কৰা হৈছে যে ৫০-৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইদৰে নকল কৰিবলৈ চেষ্টা কৰিছিল।

ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে কৰ্তৃপক্ষই লগে লগে বায়োকেমিষ্ট্ৰিৰ পৰীক্ষা বাতিল কৰি এবাৰতে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

দিল্লী এইমছৰ এগৰাকী বিষয়াই কয়, “এজন ছাত্ৰৰ মোবাইল ফোনটো শৌচাগাৰত ৰখা হৈছিল। বাকী সকলোৱে ব্যৱহাৰ কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”

অৱশ্যে এই ঘটনাত এতিয়ালৈকে কাৰো বিৰুদ্ধে কোনো কঠোৰ অনুশাসনমূলক ব্যৱস্থা ঘোষণা কৰা হোৱা নাই। যিহেতু অনুশাসনমূলক ব্যৱস্থাই এজন সম্ভাৱ্য চিকিৎসকৰ কেৰিয়াৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে, গতিকে কেৱল পুনৰ পৰীক্ষাৰ কথাহে বিবেচনা কৰা হৈছে।

কিন্তু এই ঘটনাই স্বাস্থ্য আৰু শিক্ষা মহলত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে, পৰীক্ষাৰ সততা ৰক্ষাৰ ক্ষেত্ৰত এতিয়া প্ৰযুক্তিৰ অপব্যৱহাৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। দেশৰ ভিতৰতে কঠিন প্ৰতিযোগিতামূলক চিকিৎসা আৰু শিক্ষাৰ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে এইমছত নামভৰ্তি কৰাটো একেবাৰেই সহজ নহয়। নকলৰ অভিযোগে এই পৰম্পৰাগত প্ৰতিষ্ঠানটোৰ মূল্যায়ন প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰিছে।