HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৭০.১২, বিজ্ঞানত ৮৪.৯৬ আৰু বাণিজ্যত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২৩ৰ ফলাফল।
কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ : ৭০.১২ শতাংশ
অৱতীৰ্ণৰ সংখ্যা : ২৬১২৩১ গৰাকী
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে : ২৮৬৫১ গৰাকী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৫৮৮৬৯ গৰাকী
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে : ৯৫৬৬০ গৰাকী
বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ : ৮৪.৯৬ শতাংশ আৰু বাণিজ্য শাখাত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ হৈছে।
কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁওৰ সংকল্পজিৎ শইকীয়াই। তেওঁ মুঠ ৪৯০ নম্বৰ লাভ কৰিছে।
বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে নন ইনষ্টিটিউচনেল প্ৰাইভেট শিক্ষাৰ্থী নিখিলেশ দত্তই। তেওঁ মুঠ ৪৮৪ নম্বৰ লাভ কৰিছে।
আনহাতে, বাণিজ্য শাখাত গুৱাহাটীৰ কেচি দাস কমাৰ্চ কলেজৰ বৰ্ষা বথ্ৰা আৰু মালয়বাৰী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সুকন্যা কুমাৰে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰে। তেওঁলোক দুয়োৱে লাভ কৰা মুঠ নম্বৰ হৈছে ৪৭২।