NORTHEAST NOW (Assamese)
অসম

আলফা(স্বাধীন)ৰ দাবী : আত্মসমৰ্পণ অসম আৰক্ষীৰ এক নাটক

Posted by: এন ই নাও নিউজ June 22, 2018 11:53 am

বৃহস্পতিবাৰে আলফা স্বাধীনৰ শীৰ্ষ পৰ্যায়ৰ ছয়জন কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ঘটনা সম্পৰ্কত আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিবৃতিতিটোত আলফা স্বাধীনে কয় যে, ‘’উক্ত সংবাদমেলত প্ৰদৰ্শিত সদস্য কেইজন প্ৰায় আঠ মাহ (এজন চাৰি মাহ) ধৰি অসম আৰক্ষীৰ তত্বাৱধানত আছিল আৰু আৰক্ষীৰ তত্বাৱধানতে থাকি তিনিচুকীয়া জিলাৰ আৰক্ষীৰ সহযোগ আৰু নিৰ্দেশত জিলাখনৰ বিভিন্ন স্থানৰ লগতে তথাকথিত অৰুণাচলৰ নামচাই, লোহিত, ডিবাং আৰু চাংলাঙৰ বিভিন্ন অঞ্চলত খিলঞ্জীয়া মানুহক ধন দাবী কৰি আমাৰ সংগঠনক পৰিকল্পিতভাৱে জনমানসত হেয় প্ৰতিপন্ন কৰা কাৰ্যত লিপ্ত আছিল।‘’

বিবৃতিটোত কোৱা হৈছে যে ইয়াৰ বাবে আলফা স্বাধীনে বিভিন্ন সময়ত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি থলগিৰি ৰাইজক এই তথ্য পৰোক্ষভাৱে অৱগত কৰাই নহয়, ভুক্তভোগীক তেওঁলোকৰ সৈতে যোগাযোগৰ ঠিকনাও দিয়া হৈছিল।

35737639_482441482186986_165553169441488896_n-570x320
বহস্পতিবাৰে আত্মসমৰ্পণ কৰা আলফা (স্বা:)ৰ সদস্য কেইজন

আলফা স্বাধীনৰ বিবৃতিটোত লগতে কোৱা হৈছে, ‘’শেহতীয়া এই তথাকথিত আত্মসমৰ্পণৰ নাটকে আমাৰ সংগঠনক ক্ষতি কৰাৰ সলনি উপকৃতহে কৰিলে, আমাৰ দাবীৰ সত্যতা প্ৰমাণিত হ’ল।‘’

সংবাদমেলখনৰ সময় আৰু ডিজিপি গৰাকীয়ে নিজেই সংবাদমেল সম্বোধন কৰিবলগীয়া বিষয়টো অগতানুগতিক বুলি অভিহিত কৰি শেহতীয়াকৈ ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সাংগঠনিক ও সামৰিক কাৰ্যকলাপৰ সফলতাত অসম আৰক্ষী উদ্বিগ্ন বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে ‘’ অতি সাম্প্ৰতিক যোগাযোগ মাধ্যমৰ জৰিয়তে সাৰ্বভৌম স্বাধীন অসমৰ প্ৰতি নতুন প্ৰজন্মৰ মুকলি সমৰ্থন ব্যাপক ৰূপত বৃদ্ধি পোৱাত সমগ্ৰ পৰিৱেশ অন্যফালে ঢাল খোৱাই নতুন প্ৰজন্মক নিৰুৎসাহিত কৰিবৰ অৰ্থে কালিৰ সময়টোক সঠিক বুলি অসম আৰক্ষীয়ে বিবেচনা কৰিলে।‘’

বিবৃতিটোৰ শেষত আলফা স্বাধীনে কৈছে যে ‘’আমি ৰাইজৰ জ্ঞাতাৰ্থে ইয়াকে জনাব বিচাৰো যে কেৱল এই ছয় গৰাকীয়েই নহয়-অসম আৰক্ষীৰ তত্বাৱধানত আৰু আৰু পাঁচ গৰাকী জমা আছে। উপযুক্ত বুলি বিবেচিত সময়ত থলগিৰি ৰাইজক নিৰুৎসাহিত কৰিবলৈ অসম আৰক্ষীয়ে এই সকলকো সংবাদ মাধ্যমৰ সন্মুখলৈ আনিব।‘’

উল্লেখযোগ্য যে সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ ছয় জন কেডাৰে তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই গুৱাহাটীৰ কাহিলিপাৰাস্থিত দশম অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত এক সংবাদমেলত বৃহস্পতিবাৰে সদৰী কৰিছিল।

অসম আৰক্ষীৰ দাবী অনুসৰি আলফা (স্বাধীন)ৰ আত্মসমৰ্পণকাৰী সদস্য কেইজন হ’ল নামৰূপৰ ঘিলাগুৰিৰ প্ৰণৱ গগৈ (৩৫ বছৰীয়া) ওৰফে চাৰ্জেন্ট চুকলেং অসম, তিনিচুকীয়াৰ পিঠাগুৰি পথৰগাঁৱৰ অপূৰ্ব মৰাণ(২৪ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল মৃদু অসম, কাকপথাৰৰ সত্যজিৎ মৰাণ (৩০ বছৰীয়া) ওৰফে চাৰ্জেন্ট মানৱ অসম, শদিয়াৰ অমৰপুৰৰ যিচু দলৈ (২৮ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ চিয়াং অসম, হাতীগড় টঙনাৰ ঋতুৰাজ মৰাণ (৩১ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল দুৰ্লভ অসম, চাবুৱা ৰজাবাৰীৰ অভিজিৎ গোঁহাই (২৭ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ অনুজ অসম।