NORTHEAST NOW (Assamese)
অসম

ABMSU Protest ডি-ভোটাৰ, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় সংখ্যালঘুক হাৰাশাস্তিৰ বিৰুদ্ধে এবিএমছুৰ প্ৰতিবাদ

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ November 25, 2021 5:14 pm
ABMSU Protest 1

ABMSU Protest তামুলপুৰৰ মাজমজিয়াত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ দুই ঘন্টা জোৰা উত্তাল প্ৰতিবাদ ও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় সংখ্যালঘু নাগৰিকক হাৰাশাস্তি কৰা আৰু ডি ভোটাৰৰ নামত অন্যায় অত্যাচাৰ বন্ধ কৰাৰ দাবীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে তামুলপুৰত এই প্ৰতিবাদ সাৱ্যস্ত কৰে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে তামুলপুৰৰ আকাশ বতাহ।

Also Read: Anti-CAA Protest কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট! ৰাজ্যত পুনৰ আৰম্ভ ‘কা’ বিৰোধী প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে কয়, ‘’যদি ডি ভোটাৰ আৰু বিদেশীৰ নামত সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰে তেনেহলে সমগ্ৰ নামনি অসম স্তব্ধ হৈ যাব। এটা গছৰ পাতো লৰিব দিয়া নহব।‘’