NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী অতুল বৰাৰ সমষ্টিত চিকিৎসালয়লৈ ভাৰ কৰি নিব লাগে ৰোগীক

Posted by: উত্তম শইকীয়া June 22, 2018 9:04 pm

কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত যাতায়াতৰ দুৰৱস্থাৰ বাবে ৰোগীক কান্ধত ভাৰ কৰি কঢ়িয়াব লগা হৈছে জাপৰি পথাৰৰ জনসাধাৰণে ৷

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজন এলেকাৰ কাষেৰে যোৱা ডিফলু নদীৰ পাৰতে অৱস্থিত এই অঞ্চলটো সকলো ফালৰ পৰাই অৱহেলিত আৰু বঞ্চিত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভেৰণি বনশিবিৰৰ কাষতে ডিফলু নদীৰ ওপৰত থকা এখন বাহঁৰ দলঙেই জাপৰি পথাৰলৈ যোৱা একমাত্ৰ যোগসূত্ৰ ৷

কিন্তু শেহতীয়াকৈ ডিফলুত অহা প্ৰলয়ংকাৰী ঢলে এই বাঁহৰ দলংখন উটুৱাই নিয়াৰ পাচত বহি বিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে জাপৰি পথাৰবাসী ৰাইজৰ।

ফলত অঞ্চলটৰ ৰাইজ এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। হাত নাৱেৰে ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ যাব লগা হৈছে। বিশেষকৈ বিভিন্ন ৰোগত ভোগা ৰোগী সকলে এই ক্ষেত্ৰত অধিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। আনকি যাতায়াতৰ সুবিধা নোহোৱাত এতিয়া ৰোগীক ভাৰ কৰি কঢ়িয়াই চিকিৎসালয়লৈ নিব লগা হৈছে ৷

উল্লেখযোগ্য যে চৰকাৰক এই সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ অৱগত কৰোৱাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ উচিত ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ নকৰিলে। শেষত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং ডিফলু নদীৰ ওপৰত নিৰ্মাণ কৰি লৈছিল।

কিন্তু শেহতীয়াকৈ ডিফলু নদীৰ ঢলে বাঁহৰ দলংখন উটুৱাই নিয়াত স্থানীয় ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।