NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

“এফালে যুদ্ধ, আনফালে বৃদ্ধি ইন্ধনৰ দাম; তাৰমাজত কিয় এই সৌন্দৰ্যবৰ্ধনৰ কাম?” : প্ৰশ্ন সুধি ট্ৰাম্পৰ অকথ্য গালিৰ সন্মুখীন মহিলা সাংবাদিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2026 9:50 pm

যুদ্ধৰ উত্তাপ আৰু আকাশলংঘী গেছৰ দামৰ মাজতে সৌন্দৰ্যবৰ্ধনৰ কামক লৈ প্ৰশ্ন কৰাৰ বাবেই এগৰাকী মহিলা সাংবাদিকক অকথ্য ভাষাত গালি পৰাৰ অভিযোগ উত্থাপন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। এই ঘটনাক লৈ বৰ্তমান তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু ছচিয়েল মিডিয়াত এটা ভিডিঅভাইৰেল হৈ পৰিছে।

নেচনেল মলত চলি থকা এটা সৌন্দৰ্যবৰ্ধনৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল ৰাষ্ট্ৰপতি ট্ৰাম্প। আমেৰিকাৰ ২৫০ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে তাত এটা পুখুৰী চাফাই কৰাৰ কাম চলি আছিল। সেই সময়তে সাংবাদিকগৰাকীয়ে তেওঁক প্ৰশ্ন কৰিছিল যে এফালে ইৰানৰ সৈতে যুদ্ধ চলি আছে আৰু গেছৰ দাম বৃদ্ধি পাইছে, এনে সময়ত তেওঁ কেনেকৈ এইবোৰ কামত মনোযোগ দিব পাৰিছে।

এই প্ৰশ্নটো শুনাৰ লগে লগেই খঙত অগ্নিশৰ্মা হৈ পৰে ডোনাল্ড ট্ৰাম্প। তেওঁ সাংবাদিকগৰাকীক লক্ষ্য কৰি তীব্ৰ মন্তব্য কৰে আৰু সেই সাংবাদিকগৰাকীৰ প্ৰশ্নক মুৰ্খামি বুলি অভিহিত কৰে। ট্ৰাম্পৰ মতে দেশখনক সুন্দৰ আৰু সুৰক্ষিত কৰি ৰখাটো তেওঁৰ লক্ষ্য। কেৱল ইমানতে ক্ষান্ত নাথাকি তেওঁ সাংবাদিকগৰাকীক ভুৱা বাতৰি পৰিৱেশন কৰা বুলিও সমালোচনা কৰে। তাত উপস্থিত থকা কৰ্মীসকলৰ আগত তেওঁ সাংবাদিকগৰাকীক দেশৰ মৰ্যাদা হানি কৰা বুলি অভিযোগ তোলে। ইয়াৰ পিছত নিজৰ গাড়ীৰ ফালে যোৱাৰ সময়ত ট্ৰাম্পে সাংবাদিকগৰাকীলৈ চাই এনে কিছুমান অশালীন শব্দ ব্যৱহাৰ কৰে যিবোৰ প্ৰকাশৰ অযোগ্য। ভিডিঅটোত শব্দবোৰ স্পষ্টকৈ শুনা নাপালেও তেওঁৰ মুখৰ ভংগীমা চাই নেটিজেনসকলে এইটো এটা অতি বেয়া গালি আছিল বুলি ধাৰণা কৰিছে।

ইফালে ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা এই যুদ্ধই এতিয়া জটিল ৰূপ ধাৰণ কৰিছে। এক গোপন তথ্যত দাবী কৰা হৈছে যে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছে। ইৰানৰ কৃত্ৰিম উপগ্ৰহৰ পৰা পোৱা ছবিবোৰে দেখুৱাইছে যে আমেৰিকাৰ প্ৰায় ১৫ টা সামৰিক ঘাটিত থকা শ শ নিৰ্মাণ কাৰ্য ধ্বংস হৈছে। আমেৰিকা চৰকাৰে এই তথ্য গোপন কৰিব বিচাৰিছিল যদিও সংবাদ মাধ্যমত এই কথা ফাদিল হৈ পৰিছে। এই সমগ্ৰ পৰিস্থিতিয়ে এতিয়া আন্তৰ্জাতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আচৰণক লৈও প্ৰশ্ন উঠিছে।