NORTHEAST NOW (Assamese)
অসম

অসম সন্তান আৰ্মষ্ট্ৰং চাংছন আইচলেণ্ডৰ ৰাষ্ট্ৰদূত নিযুক্ত : উৎফুল্লিত ডিমা হাছাওবাসী

Posted by: এন ই নাও নিউজ June 23, 2018 6:42 am
চাংছন

অসমৰ ডিমা হাচাও জিলাৰ সুযোগ্য সন্তান, ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰ্মষ্ট্ৰং চাংছনক ভাৰত চৰকাৰে আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে।

ৰাজ্যখনৰ এখন পিছপৰা জিলা ডিমা হাচাওৰ পৰা ওলাই অহা এক কৃতী সন্তানে এনে শীৰ্ষ পদত অধিষ্ঠিত হোৱাত পাৰ্বত্য জিলাখনৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে জ্যেষ্ঠ কূটনীতিক আৰ্মষ্ট্ৰং চাংছনক অলপতে আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল। তেওঁ বৰ্তমান জাপানৰ ওছাকা-কোবেৰৰ দূতাৱাসত কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

পূৰ্বতে তেওঁ গুৱাহাটীত থকা বৈদেশিক মন্ত্ৰালয়ৰ শাখা কাৰ্যালয় আৰু আঞ্চলিক পাৰপত্ৰ কাৰ্যালয়ত সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৯ চনৰ ২৪ জানুৱাৰীত জন্মগ্ৰহণ কৰা চাংছন দিল্লী আই আই টিৰ মেকানিকেল ইঞ্জিনিয়াৰঙৰ স্নাতক।

আৰ্মষ্ট্ৰং চাংছন ১৯৯৭ বৰ্ষৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া।

চাংছনৰ এনে সাফল্যত ডিমা হাচাওবাসীৰ লগতে সমগ্ৰ অসমে গৌৰৱবোধ কৰিছে।