NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ পৰা আটক দুই নাৰী সৰবৰাহকাৰী : জে’ললৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ November 26, 2018 9:45 pm
গোৱালপাৰাৰ পৰা আটক দুই নাৰী সৰবৰাহকাৰী : জে’ললৈ প্ৰেৰণ

ধুবুৰী জিলাৰ দক্ষিণ শালমৰাত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই গোৱালপাৰাৰ পৰা দুজনকৈ নাৰী সৰবৰাহকাৰীক আটক কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ এলেকাৰ কুমৰী গাঁৱৰ পৰা নাৰী সৰবৰাহকাৰী এটা চক্ৰই এগৰাকী যুৱতীক কৌশনেৰে অপহৰণ কৰি হাৰিয়ানাত দুই লাখ টাকৰ বিনিময়ত বিক্ৰী কৰিছিল।

পিছত যুৱতী গৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে যুৱতী গৰাকীক অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে উদ্ধাৰ কৰা যুৱতী গৰাকীৰ তথ্য অনুসৰি দেওবাৰে নিশা ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত অভিযান চলাই গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শালবাৰীৰ পৰা আয়নাল হক আৰু আজাহাৰ আলী নামৰ নাৰী সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আজি ধৃত নাৰী সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ললৈ প্ৰেৰণ কৰে।