NORTHEAST NOW (Assamese)
অসম

নৃত্যৰ ভাষাৰে সমন্বয়ৰ বাৰ্তা বিলাবলৈ যোৰহাটত দশম প্ৰাগজ্যোতি নৃত্য উৎসৱ

Posted by: স্মিতা ভট্টাটাৰ্য November 26, 2018 9:19 pm
IMG-20181126-WA0026

যোৰহাট ষ্টেডিয়াম চৌহদত অহা ২৭ নৱেম্বৰৰ সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব দশম প্ৰাগজ্যোতি নৃত্য উৎসৱ। প্ৰাতঃভ্ৰমণ পৰিচালনা সমিতিৰ সহযোগত এই নৃত্য মহোৎসৱৰ আয়োজন কৰিছে যোৰহাট জিলা প্ৰশাসনে। এই মহোৎসৱ সকলোৰে বাবে মুকলি থাকিব বুলি উদ্যোক্তাসকলে জনাইছে।

প্ৰাতঃভ্ৰমণ পৰিচালনা সমিতিৰ সম্পাদক ৰিন্তু গোস্বামীয়ে জনাইছে যে এই মহোৎসৱত ৫টা নৃত্য অনুষ্ঠান থাকিব আৰু ইয়াৰ ভিতৰত ২টা বিদেশী শিল্পীৰ দ্বাৰা আয়োজিত অনুষ্ঠান  থাকিব। ৰাছিয়ান নৃত্যশিল্পীয়ে ৩০ মিনিট আৰু ইটালিয়ান নৃত্যশিল্পীয়ে ২০ মিনিট ধৰি নৃত্য প্ৰদৰ্শন কৰিব। মণিপুৰ আৰু বাংগালুৰুৰ নৰ্তক-নৰ্তকীৰ দলেও এই মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি গোস্বামীয়ে জানিবলৈ দিছে।

গোস্বামীয়ে জানিবলৈ দিয়া মতে অসমৰ যোৰহাট সত্ৰ মহাবিদ্যালয়ে এই নৃত্য মহোৎসৱত অংশগ্ৰহণ কৰিব আৰু সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিব। যোৰহাট ডেন্স একাডেমিয়ে অসমৰ লোকনৃত্য পৰিৱেশন কৰিব।

তেওঁ আৰু কৈছে যে ভাৰতৰ বাহিৰৰ নৰ্তক-নৰ্তকীৰ দল ইতিমধ্য আহি পাইছেহি আৰু ২৭ নৱেম্বৰৰ পুৱা ১০-০০ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত নৰ্তক-নৰ্তকীসকলে ৮০গৰাকী নিৰ্বাচিত শিক্ষক আৰু ছাত্ৰছাত্ৰীৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক নৃত্যৰ বিভিন্ন মুদ্ৰাৰ ওপৰত চমু বিৱৰণ ডাঙি ধৰিব।
জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া সাৰদী গগৈয়ে কৈছে যে এই নৃত্য মহোৎসৱ হৈছে সমন্বয়ৰ উৎসৱ কাৰণ নৃত্যই এক সাৰ্বজনীন ভাষাৰে মানুহক পৰস্পৰৰ ওচৰলৈ লৈ আহে। গগৈয়ে আৰু কৈছে যে বিভিন্ন দেশৰ মানুহৰ মাজত সমন্বয় সাধন কৰিবলৈ এয়া আৰম্ভণিৰ এটা খোজ।