NORTHEAST NOW (Assamese)
অসম

প্ৰবল আত্মবিশ্বাসেৰে এইবাৰ অৱতীৰ্ণ হৈছিল NEET পৰীক্ষাত! প্ৰশ্নকাকত ফাদিলে হৰি নিলে স্বপ্ন, ঘটিল সৰ্বনাশ…

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 14, 2026 8:28 pm

ইয়াৰ আগতেও তেওঁ দুবাৰকৈ NEET-UG পৰীক্ষা দিছিল। ফলাফল আশা কৰা ধৰণে নহ’ল। সেয়ে ২০২৬ চনত তৃতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষা ভালেই হৈছিল। এইবাৰ তেওঁ নিশ্চিত হৈছিল যে তেওঁ ভাল স্ক’ৰ পাব। কিন্তু হঠাৎ বিনা মেঘে বজ্ৰপাত পৰিল।

NEET-UG প্ৰশ্নকাকত ফাদিল হোৱাৰ আৰু তাৰ বাবেই পৰীক্ষা বাতিল কৰা হয়। ২১ বছৰীয়া হৃতিক মিশ্ৰই এই পৰিস্থিতি মানি ল’ব পৰা নাছিল। সেয়াই অভিযোগ। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ এই যুৱকে বুধবাৰে নিশা চিপ লৈ আত্মহত্যা কৰে।

বৃহস্পতিবাৰে NEET-UG কেলেংকাৰীয়ে এক মৰ্মান্তিক পৰিণতিৰ খৱৰ আনিলে। আজি পুৱা তেওঁৰ ওলমি থকা মৃতদেহ ঋতিকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। তেওঁৰ পৰিয়ালৰ দাবী যে তেওঁ তৃতীয়বাৰৰ চেষ্টাত অতি ভালকৈ পৰীক্ষা দিছিল। এইবাৰ মেডিকেল চিট পাবলৈ আত্মবিশ্বাসী হৈ পৰিছিল যুৱকজন। কিন্তু পৰীক্ষা বাতিল হোৱাৰ বাবে পুনৰ পৰীক্ষা দিবলগীয়া হোৱা বুলি শুনাৰ পিছত তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰে।

প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ পোৱাৰ পিছত চৰম অনিশ্চয়তা আৰু মানসিক অৱসাদৰ বাবে পুত্ৰই এই চৰম পদক্ষেপ লোৱা বুলি পিতৃয়ে দাবী কৰে। হৃতিকৰ ঘনিষ্ঠ বন্ধুসকলেও কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চৰম হতাশা বিয়পি পৰিছে।

মঙলবাৰে নিশা গোৱাত NEETৰ এজন প্ৰাৰ্থীয়ে আত্মহত্যা কৰাৰ খবৰ আহিছিল। কিন্তু পৰীক্ষা বাতিল হোৱাটো সেই মৰ্মান্তিক ঘটনাৰ সৈতে জড়িত নে নাই সেয়া স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NEET প্ৰাৰ্থীৰ আত্মহত্যাৰ ফলত আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক। গোৱা কাণ্ডৰ কথা উল্লেখ কৰি আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। সমগ্ৰ পৰীক্ষা ব্যৱস্থাৰ চৰম বিফলতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

সম্প্ৰতি চিবিআইয়ে এই কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে। যদিও পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে, তথাপিও নতুন পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেই তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। লাখ লাখ প্ৰাৰ্থীয়ে অপেক্ষা কৰি আছে। তেওঁলোকৰ উদ্বিগ্নতা বাঢ়িছে।

মনোবিজ্ঞানী আৰু শিক্ষাবিদসকলে কয় যে এই অনিশ্চয়তাই বছৰ বছৰ ধৰি প্ৰস্তুতিৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভয়ংকৰ মানসিক চাপৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মতে, এই বিষয়ত অনতিপলমে স্পষ্ট সিদ্ধান্ত লোৱা উচিত, অন্যথা ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ প্ৰতি বিপদ আৰু বৃদ্ধি পাব পাৰে।