NORTHEAST NOW (Assamese)
Popular Stories

২০২৭ চনৰ পৰা অনলাইন যোগে অনুষ্ঠিত হ’ব NEET পৰীক্ষা, ঘোষণা শিক্ষামন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2026 12:11 pm

দেশৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা NEETক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে অহা ২০২৭ চনৰ পৰা NEET পৰীক্ষা সম্পূৰ্ণৰূপে অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰা হব। যোৱা ৩ মেত অনুষ্ঠিত হোৱা পৰীক্ষাটো প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত বাতিল কৰা হৈছিল। শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক ৰাষ্ট্ৰীয় সংবাদ মেলত তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে শিক্ষা মন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে চৰকাৰে পৰীক্ষা মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত হৈ আছে।

আনহাতে নেচনেল টেষ্টিং এজেন্সী চমুকৈ NTA-ই এই বাতিল হোৱা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে নতুন দিন ঘোষণা কৰিছে। নতুন সময়সূচী অনুসৰি অহা ২১ জুনত দেশজুৰি NEET পৰীক্ষা পুনৰবাৰ অনুষ্ঠিত হব। এই নতুন সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় ২২ লাখ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহিব লাগিব। পূৰ্বৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বৰ্তমান এই বিষয়ত তদন্ত অব্যাহত আছে। চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আশ্বাস দিছে যে এইবাৰ অধিক সুৰক্ষা আৰু স্বচ্ছতাৰ মাজেৰে পৰীক্ষা সম্পন্ন কৰা হব যাতে শিক্ষাৰ্থীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।