NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় নাগৰিকত্ব ত্যাগঃ মনে মনে আমেৰিকাৰ নাগৰিক দিলজিৎ দোছাঞ্জ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2026 11:52 am

নিজকে গৌৰৱান্বিত পঞ্জাৱী বুলি দাবী কৰা দিলজিৎ দোছাঞ্জে হয়তো মনে মনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ আশে-পাশে তেওঁ মনে মনে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আটাইতকৈ আচৰিত কথাটো হল যে আমেৰিকান নাগৰিক হোৱাৰ পিছতো তেওঁ নিজৰ ভাৰতীয় আৰু পঞ্জাৱী পৰিচয়টোকে ব্যৱহাৰ কৰি জনপ্ৰিয়তা অৰ্জন কৰি থাকিল। মানুহৰ আগত তেওঁ নিজকে মাটিত খামুচি থকা এজন পঞ্জাৱী লৰা হিচাপেই উপস্থাপন কৰিছিল, যিয়ে পঞ্জাৱ আৰু ভাৰতক বিশ্ব দৰবাৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰাই তেওঁ ব্যৱসায়িক লাভালাভ আদায় কৰিছিল।

দোছাঞ্জনিজৰ সমগ্ৰ ৰাজহুৱা ভাৱমূৰ্তিটো ভাৰতৰ মাটি- বায়ুৰ সৈতে সংপৃক্ত বুলি গঢ়ি তুলিছিল। মানুহে তেওঁক কেৱল সংগীতৰ বাবেই নহয়, তেওঁৰ ভাৰত আৰু পঞ্জাৱৰ প্ৰতি থকা ভালপোৱাৰ বাবেও আঁকোৱালি লৈছিল। কিছুমানে হয়তো কব পাৰে যে পঞ্জাৱ আৰু ভাৰত বেলেগ, কিন্তু পঞ্জাৱ ভাৰতৰে এক অবিচ্ছেদ্য অংগ। যেতিয়া তেওঁ নিজকে পঞ্জাৱী বুলি কয়, তেতিয়া মানুহে এজন ভাৰতীয় পঞ্জাৱীক বিশ্বত উজলি উঠা দেখে। প্ৰতিবেদন অনুসৰি, ২০২৩ চনত কোচেলাত অনুষ্ঠান পৰিৱেশন কৰা, ২০২৪ চনত মেট গালাত পঞ্জাৱৰ ঐতিহ্য প্ৰদৰ্শন কৰা আৰু ২০২৫ চনত বৰ্ডাৰ ২ ছবিত পৰম বীৰ চক্ৰ বিজয়ী নিৰ্মল জিৎ সিং ছখোঁৰ চৰিত্ৰত অভিনয় কৰাৰ আগতেই তেওঁ আমেৰিকাৰ নাগৰিক হৈছিল। মাতৃভূমিৰ হৈ প্ৰাণ আহুতি দিয়া এজন বীৰৰ চৰিত্ৰত অভিনয় কৰা দিলজিতক মানুহে এজন ভাৰতীয় হিচাপেই আকোঁৱালি লৈছিল।

মানুহৰ মনত এতিয়া প্ৰশ্ন উঠিছে যে যদি নাগৰিকত্ব সলনি কৰাটো ইমানেই সাধাৰণ কথা, তেন্তে তেওঁ কিয় এই কথাটো লুকুৱাই ৰাখিছিল? তেওঁৰ পাগুৰি, পঞ্জাৱী ভাষা আৰু নিজৰ সংস্কৃতিৰ প্ৰতি থকা আনুগত্যই সদায় তেওঁক নিজৰ মাটিৰ সৈতে বান্ধি ৰাখিছিল। ভাৰতীয় দৰ্শকৰ চেলিব্ৰিটিসকলৰ সৈতে এক সুকীয়া আৱেগিক সম্পৰ্ক থাকে। আমি আমাৰ তাৰকাসকলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাক নিজৰ সফলতা বুলি গণ্য কৰোঁ। কোনেও কোৱা নাই যে প্ৰব্ৰজন কৰাটো কোনো বিশ্বাসঘাতকতা, কিন্তু ভাৰতীয় আৱেগৰ ওপৰত নিজৰ কেৰিয়াৰ গঢ়ি তুলি প্ৰকৃত সত্যটো লুকুৱাই ৰখাটোহে আটাইতকৈ দুখৰ বিষয়।