NORTHEAST NOW (Assamese)
Popular Stories

হনুমা বিহাৰীয়ে ক্ৰিকেটক হত্যা কৰিছে, বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ উদ্ভট মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 8:22 pm

ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট ড্ৰ ৰূপে সমাপ্ত হয়।

পঞ্চম দিনৰ আৰম্ভণিতে অধিনায়ক আজিংক ৰাহানে পেভেলিয়মুখী হোৱাত মেচখন অষ্ট্ৰেলিয়াই দুটা ছেছনতে জয়ী হোৱাৰ দিশে অগ্ৰসৰ হৈছিল।

কিন্তু ভাৰতৰ আঘাতপ্ৰাপ্ত বেটছমেনৰ একাগ্ৰতা আৰু ধৈৰ্যই অষ্ট্ৰেলিয়াৰ আশাত চেচা পানী ধালে।

আঘাতে জুৰুলা কৰাৰ পাছতো ভাৰতীয় বেটছমেনৰ সবল মানসিকতাই পৰাজয়ৰ আশংকাত ভোগা মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল।

ছিডনী টেষ্ট ড্ৰ কৰাত সবাটোকৈ অধিক যোগদান দিয়ে আঘাতপ্ৰাপ্ত হনুমা বিহাৰীয়ে। হেমষ্ট্ৰিঙত আঘাত পোৱা বিহাৰীয়ে ১৬১ টা বলত অপৰাজিত ২৩ ৰান কৰি অষ্ট্ৰেলিয়াৰ বলাৰসকলক হতাশাগ্ৰস্ত আৰু নিৰাস কৰি তোলে।

বিহাৰীৰ এই প্ৰদৰ্শনৰ পিছতেই তেওঁক বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম ৰূপত দেখা গ’ল বিজেপি নেতা বাবুল সুপ্ৰিয়োক।

অধিক বল খেলাৰ বাবে হনুমা বিহাৰীক কঠোৰ সমালোচনা কৰিছে নেতা গৰাকীয়ে।

বিজেপি নেতাজনে টুইট কৰি কয় যে ৭ ৰান কৰিবলৈ হনুমা বিহাৰীয়ে ১০৯ টা বল খেলিছিল। বিহাৰীয়ে কেৱল ভাৰতৰ ঐতিহাসিক বিজয়ৰ সম্ভাৱনাক হত্যা কৰাই নহয়, ক্ৰিকেটকো হত্যা কৰিছে।

ইয়াৰ উপৰি তেওঁ ক্ৰিকেটৰ বিষয়ে একো নাজানে বুলিও টুইটটোত উল্লেখ কৰে।