NORTHEAST NOW (Assamese)
অসম

সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত আইছিছৰ শীৰ্ষ কমাণ্ডাৰ আবু-বিলাল; জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে   

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2026 11:57 am

নিষিদ্ধ উগ্ৰপন্থী সংগঠন আইছিছৰ ছেকেণ্ড ইন কমাণ্ড আবু বিলাল আল মিনুকি নিহত হৈছে। আফ্ৰিকাত সন্ত্ৰাসবাদ বিৰোধী বৃহৎ অভিযানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছলামিক ষ্টেট বা আইছিছৰ ‘ছেকেণ্ড ইন কমাণ্ড’ক হত্যা কৰাৰ কথা স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছে।

আমেৰিকাৰ সেনাই হত্যা কৰিছে ‘ৱান্টেড সন্ত্ৰাসবাদী’ আবু বিলাল আল মিনুকিক। এই দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ। তেওঁৰ মতে, আমেৰিকাৰ সেনা আৰু নাইজেৰিয়া সেনাৰ যৌথ অভিযানত এই সন্ত্ৰাসবাদী নেতাজন নিহত হয়।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘মোৰ নিৰ্দেশত অতি নিখুঁত পৰিকল্পনাৰে এই জটিল অভিযান চলোৱা হৈছিল।’ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰে যে আল-মিনুকিয়ে আফ্ৰিকাত আত্মগোপন কৰি আছিল। অৱশ্যে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই তেওঁৰ গতিবিধিৰ বিষয়ে নিয়মীয়াকৈ তথ্য লাভ কৰি আছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আবু বিলাল আল-মিনুকি আছিল ‘বিশ্বৰ অন্যতম সক্ৰিয় সন্ত্ৰাসবাদী’। ট্ৰাম্পে দাবী কৰে যে তেওঁ আফ্ৰিকাত আইছিছৰ নেটৱৰ্ক পৰিচালনা কৰাৰ উপৰিও আমেৰিকাক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনাত জড়িত আছিল। তেওঁৰ ভাষাত, “এইবাৰ তেওঁ আৰু আফ্ৰিকাৰ জনসাধাৰণক আতংকিত কৰিব নোৱাৰিব।”

খবৰ অনুসৰি নাইজেৰিয়াৰ সশস্ত্ৰ বাহিনীৰ সহায়ত এই অভিযান চলোৱা হৈছে। এই কাৰণেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নাইজেৰিয়া চৰকাৰক ধন্যবাদ জনাই কয় যে, “দুয়োখন দেশৰ যৌথ সহযোগিতাৰ বাবেই এই অভিযান সফল হৈছে।”

অৱশ্যে এই অভিযান ক’ত সংঘটিত হৈছিল, কিমান দিনলৈ এই অভিযান চলিছিল, বা আল-মিনুকিক কেনেকৈ লক্ষ্য কৰি লোৱা হৈছিল সেই সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগেও সম্পূৰ্ণ বিবৃতি প্ৰকাশ কৰা নাই।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞসকলৰ মতে, আফ্ৰিকাৰ চাহেল অঞ্চল, নাইজেৰিয়া আৰু ছোমালিয়াত আইছিছৰ সৈতে জড়িত উগ্ৰপন্থী সংগঠনসমূহৰ কাৰ্যকলাপ যোৱা কিছু বছৰত যথেষ্ট বৃদ্ধি পাইছে। ২০২৫ চনৰ শেষৰ পৰা নাইজেৰিয়াত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমেৰিকাই অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও উত্তৰ-পশ্চিম নাইজেৰিয়াত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ সংঘটিত হৈছিল।

আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে পশ্চিম এছিয়াত ডাঙৰ ঘাটি হেৰুৱাই আইছিছে এতিয়া আফ্ৰিকা ভিত্তিক শাখাসমূহৰ ওপৰত অধিক নিৰ্ভৰশীল। সেইবাবেই আল-মিনুকিৰ মৃত্যু উগ্ৰপন্থী সংগঠনটোৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচিত হৈছে।