NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

বাজেটক লৈ বিপ্লব দেব চৰকাৰক কঠোৰ সমালোচনা ত্ৰিপুৰা চি পি আই (এম)ৰ

Posted by: এন ই নাও নিউজ June 23, 2018 6:19 pm
Tripura-CPIm-Protest

কংগ্ৰেছৰ পিছতে ত্ৰিপুৰা চৰকাৰে যোৱা মঙলবাৰে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ বাজেটক লৈ বিৰোধী দল চি পি আই (এম)এ বিপ্লব দেব নেতৃত্বাধীন চৰকাৰখনক কঠোৰ সমালোচনা কৰিছে।

যোৱা শুকুৰবাৰে আগৰতলাত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চি পি আই (এম)এ ৰাজ্যবাসীৰ স্বাৰ্থত চৰকাৰক খাৰুৱা তেলৰ ওপৰত বিক্ৰী কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত শীঘ্ৰে উঠাই ল’বলৈ দাবী জনাইছে।

এই উদ্দেশ্যে শতাধিক লোকৰ এক বিশাল সমাবেশক সম্বোধন কৰি ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী মাণিক দেই কয় যে সমগ্ৰ দেশে যি সময়ত পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ যন্ত্ৰনাত ভুগিবলগীয়া হৈছে ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেল আদিৰ দাম কমোৱাৰ পৰিৱৰ্তে ইয়াৰ ওপৰত থকা শুল্ক বৃদ্ধিহে কৰিছে।

বাজেটখনক জনসাধাৰণৰ বিৰোধী বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে বিধানসভা নিৰ্বাচনৰ পুৰ্বে এনৰেগা শ্ৰমিকৰ মজুৰি ৩৪০ টকালৈ বৃদ্ধি কৰাৰ লগতে বিভিন্ন সামাজিক কল্যাণ শিতানত দিয়া অনুদান বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে ইয়াক কাৰ্যকৰী নকৰিলে।

বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য পবিত্ৰ কৰে উপস্থিত লোকসকলক সম্বোধন কৰি নতুন নিযুক্তি নীতিক চোকা ভাষাৰে সমালোচনা কৰি কয় যে এই নীতিয়ে সমাজৰ দুখীয়া শ্ৰেণীক বঞ্চিত কৰিব।