NORTHEAST NOW (Assamese)
Popular Stories

সত্যজিৎ ৰায়ৰ কেমেৰাত ৰবীন্দ্ৰনাথ: এক অপূৰ্ব চিনেমেটিক যাত্ৰা আৰু কিছু আত্মউপলব্ধি

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ May 16, 2026 8:18 pm

আজি দুদিনমান আগতে হঠাৎ সত্যজিৎ ৰয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ এখন ফোনটোত ছাঁয়াময়াকৈ দেখা পালোঁ। আকৌ তথ্যচিত্ৰখন বিচাৰি উলিয়াই আৰম্ভণিৰ পৰা চাবলৈ আৰম্ভ কৰিলোঁ। বিষয় ৰবীন্দ্ৰনাথ। তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে সত্যজিৎ ৰয়ে। ৰবীন্দ্ৰনাথৰ পৰিয়ালৰ ইতিবৃত্ত, ৰবীন্দ্ৰনাথৰ জন্ম, শিক্ষা, ৰবি-প্ৰতিভাৰ স্ফূৰণ, তেওঁৰ সৃষ্টি আৰু সামাজিক ভূমিকাইমান সুন্দৰকৈ ৰয়ে তথ্যচিত্ৰখনত দাঙি ধৰিছে। দ্বাৰকানাথ ঠাকুৰ আছিল ৰবীন্দ্ৰনাথৰ ককাক। তেওঁ আছিল এক বিক্ৰমী পুৰুষ।

ৰাজা ৰামমোহন ৰায়ৰ সমসাময়িক দ্বাৰকানাথ ঠাকুৰে সেই সময়তে ইংৰাজ ব্যৱসায়ী আৰু ঔদ্যোগপতি সকলৰ  লগ লাগি এক ব্যৱসায়িক আৰু ঔদ্যোগিক সাম্ৰাজ্য গঢ়ি তুলিছিল।ৰামমোহনৰ বঙ্গীয় নৱজাগৰণৰ সি যেন এক পাৰ্থিৱ প্ৰতিৰূপহে আছিল। কিন্তু ৰবীন্দ্ৰনাথৰ দেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আছিল ভাবুক আৰু দাৰ্শনিক প্ৰকৃতিৰ। পাৰ্থিৱ চিন্তাতকৈ জগতৰ অপাৰ্থিৱ ৰহস্যইহে তেওঁক বেছিকৈ আকৰ্ষিত কৰিছিল। দ্বাৰকানাথৰ সময়ৰ পৰা প্ৰাচ্য আৰু পাশ্চাত্যৰ সংমিশ্ৰণত গঢ়ি উঠা সাংস্কৃতিক পৰিৱেশৰ জোঁড়াসাঁকোত ৰবীন্দ্ৰনাথ লালিত-পালিত হৈছিল। অতি কম বয়সতে ৰবীন্দ্ৰনাথ বিলাতলৈ গৈছিল আৰু তেতিয়াই তেওঁ তাৰ বিদ্বান সমাজৰ সংস্পৰ্শলৈ আহিছিল। ভাৰতলৈ ঘূৰি আহি তেওঁ তেওঁৰ সৃষ্টিৰ জগতত প্ৰৱেশ কৰিছিল। বঙ্কিমচন্দ্ৰই ডেকা কবি ৰবীন্দ্ৰনাথক আদৰণি জনাইছিল। জগত আৰু জীৱনৰ ৰহস্যৰ বিষয়ে ৰবীন্দ্ৰনাথে লিখা কবিতাৰ ইংৰাজী অনুবাদে প্ৰখ্যাত ইংৰাজ কবি ডব্লিউ বি ইয়েটছৰ (W.B. Yeats) হৃদয় স্পৰ্শ কৰিছিল। তেওঁ কবিতাবোৰৰ বিষয়ে লিখিছিল, “The work of a supreme culture, they yet appear as much the growth of the common soil as the grass and the rushes.” ৰবীন্দ্ৰনাথে গীতাঞ্জলিৰ বাবে নোবেল বঁটা লাভ কৰিছিল। আৰু তাৰ পিছতে তেওঁলৈ এটাৰ পিছত এটাকৈ সন্মান আহিবলৈ ধৰিছিল। ইতিমধ্যে ভাৰতত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ নাভীকেন্দ্ৰ আছিল বঙ্গ। এই জাতীয়তাবাদী জাগৰণত বাধা প্ৰদান কৰিবলৈ ব্ৰিটিছে বিভাজন কৰি শাসন কৰানীতিৰে হিন্দু-মুছলমানৰ মাজত বিভাজন আনিবলৈ ১৯০৫ চনত বঙ্গ বিভাজনৰ সিদ্ধান্ত লৈছিল। সমগ্ৰ বঙ্গ এই সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল। ৰবীন্দ্ৰনাথেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। বঙ্গভঙ্গ আন্দোলনৰ মূল মন্ত্ৰ আছিল স্বদেশী আৰু হিন্দু-মুছলমানৰ মাজত ৰাখী বন্ধন।

কিন্তু পিছলৈ আন্দোলনৰ লগত জড়িত এচাম লোকে হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰা বাবে ৰবীন্দ্ৰনাথে মনত দুখ পাইছিল, কিয়নো তেওঁ কেতিয়াও হিংসাত বিশ্বাসী নাছিল। তেওঁ সময়ত বঙ্গভঙ্গ আন্দোলনৰ পৰা নিজকে আঁতৰাই আনি গাঁৱৰ কৃষকসকলৰ উন্নয়নত মনোযোগ দিছিল। তাৰ আগতে দেবেন্দ্ৰনাথে এক অনন্য প্ৰাকৃতিক সৌন্দৰ্যেৰে ভৰপূৰ বীৰভূম জিলাত ব্ৰহ্ম আদৰ্শ প্ৰচাৰৰ বাবে শান্তিনিকেতন প্ৰতিষ্ঠা কৰিছিল। শিশু ৰবীন্দ্ৰনাথে নিজে প্ৰকৃতিৰ সৈতে ওমলি-জামলি জীৱন আৰু জগতৰ অনুসন্ধান কৰিছিল। তেওঁৰ লৰা-ছোৱালীও ঠিক তেনে এক পৰিৱেশতে ডাঙৰ হোৱাটো তেওঁ বিচাৰিছিল। প্ৰথমে নিজৰ লৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ তাত এখন ঘৰুৱা স্কুল খুলিছিল। সিয়েই কালক্ৰমত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ ৰূপ লৈছিল। শান্তিনিকেতন আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলন ভূমি। তালৈ দেশ-বিদেশৰ পণ্ডিত আহিছিল। ৰবীন্দ্ৰনাথে নোবেল বঁটাৰ সমস্ত ধনৰাশি বিশ্বভাৰতী বিশ্ববিদ্যালয়ত খটুৱাইছিল।

সেই সময়তে মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিছিল। তেওঁ কুখ্যাত ৰাওলাট আইনৰ বিৰুদ্ধে দেশজোৰা সত্যাগ্ৰহ আন্দোলনৰ আহ্বান দিছিল। দেশৰ অগণন নৰ-নাৰীয়ে সত্যাগ্ৰহ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেতিয়াই অমৃতচৰত জেনেৰেল ডায়াৰৰ নেতৃত্বত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। এই বৰ্বৰ হত্যাকাণ্ডই ৰবীন্দ্ৰনাথ ঠাকুৰক অস্থিৰ আৰু ম্ৰিয়মাণ কৰি তুলিছিল। তেওঁ এখন পত্ৰ লিখি ইংৰাজে তেওঁক দিয়া নাইটহুডউপাধি বৰ্জন কৰিছিল। গান্ধী আৰু ৰবীন্দ্ৰনাথৰ মাজৰ সম্পৰ্ক আছিল অভিন্ন আত্মাৰ। গান্ধীয়ে ৰবীন্দ্ৰনাথক বিশ্বকবিখিতাপ দিছিল আৰু ৰবীন্দ্ৰনাথে গান্ধীক কৈছিল মহাত্মাবুলি।

ৰবীন্দ্ৰনাথে দেশ-বিদেশ ভ্ৰমণ কৰিছিল। তেওঁ চীনলৈ গৈছিল, জাপানলৈ গৈছিল, ৰাছিয়ালৈ গৈছিল। আৰু কিমান দেশলৈ গৈছিল।ৰাছিয়াৰ সেই সময়ৰ চৰকাৰে দৰিদ্ৰতা দূৰ কৰিবলৈ আৰু শিক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক তেওঁ ভূয়সী প্ৰশংসা কৰিছিল। ইতিমধ্যে তেখেতৰ বয়স হৈ আহিছিল। কবিগুৰুৰ আশী বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক কলকাতাত এক ৰাজহুৱা সম্বৰ্ধনা দিয়া হৈছিল। তেওঁৰ শৰীৰ পৰি আহিছিল। জীৱনৰ শেষৰ ফালে ৰবীন্দ্ৰনাথৰ ইউৰোপৰ প্ৰতি মোহভংগ হৈছিল। মোহভংগ হোৱাটোৱেই স্বাভাৱিক। সেই সময় আছিল দ্বিতীয় মহাযুদ্ধৰ সময়। সেই সময় আছিল হিটলাৰৰ হিংসা আৰু নৰমেধ যজ্ঞৰ সময়। ৰবীন্দ্ৰনাথৰ শেষ লেখা সভ্যতাৰ সংকটত পাশ্চাত্য সভ্যতাৰ প্ৰতি তেওঁৰ মোহভংগ অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। এসময়ত পাশ্চাত্য সভ্যতাৰ জ্ঞান, গৰিমা আৰু মানৱতাবাদে তেওঁক ইমান আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল, কিন্তু এতিয়া জীৱনৰ শেষৰ ফালে সেই সভ্যতাৰ শোষণ, উগ্ৰতা আৰু সাম্ৰাজ্যবাদী চৰিত্ৰই তেওঁক মানসিকভাবে বিধ্বস্ত কৰি পেলাইছিল। পিছে ৰবীন্দ্ৰনাথে মানুহৰ ওপৰত ভৰসা হেৰুৱা নাছিল। তেওঁ বিশ্বাস কৰিছিল আকৌ নতুন প্ৰভাত হব আৰু তাৰ আৰম্ভণি যেন হব প্ৰাচ্যতপূবৰ সূৰ্য উঠা দেশত।

ৰবীন্দ্ৰনাথৰ বিষয়ে সত্যজিৎ ৰায়ৰ এইখন কি এক অপূৰ্ব তথ্যচিত্ৰ! মাজে মাজে গীত, ছবি, চলন্ত ছবি আৰু সত্যজিৎ ৰায়ৰ গলগলীয়া কণ্ঠস্বৰত ৰবীন্দ্ৰনাথৰ জীৱন আৰু সৃষ্টিৰ কি প্ৰগলভ ব্যাখ্যা! ৰবীন্দ্ৰনাথৰ বিশাল জীৱন আৰু কৰ্মক মাত্ৰ ৫২ মিনিটৰ তথ‍্যচিত্ৰ এখনত ইমান নিখুঁতভাৱে প্ৰতিফলিত কৰাটো সঁচাই  অসাধাৰণ আৰু একক।ৰবীন্দ্ৰনাথৰ কণ্ঠস্বৰ আৰু শেষৰ ফালে ৰবীন্দ্ৰনাথে নিজে গোৱা এই গীতটি তবু মনে রেখোৰ কি আবেদন!

তবু মনে রেখো যদি দূরে যাই চলে।

যদি পুরাতন প্রেম ঢাকা পড়ে যায় নবপ্রেমজালে।

যদি থাকি কাছাকাছি,

দেখিতে না পাও ছায়ার মতন আছি না আছি

তবু মনে রেখো।

যদি জল আসে আঁখিপাতে,

এক দিন যদি খেলা থেমে যায় মধুরাতে,

তবু মনে রেখো।

এক দিন যদি বাধা পড়ে কাজে শারদ প্রাতেমনে রেখো।

যদি পড়িয়া মনে

ছলোছলো জল নাই দেখা দেয় নয়নকোণে

তবু মনে রেখো।

কিন্তু ৰবীন্দ্ৰনাথৰ সূৰ্য উঠা দেশৰ আজি কি দশা!