NORTHEAST NOW (Assamese)
Popular Stories

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল; ৬-২ত পৰাস্ত

Posted by: এন ই নাও নিউজ November 19, 2018 11:15 am
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল; ৬-২ত পৰাস্ত

চৰাইদেউৰ ৰাইজে কালি অৰ্থাৎ দেওবাৰে উপভোগ কৰিলে এখন হাই ভল্টেজ ফুটবল মেচ। অসম ৰাজ্যিক বিদুৎ পৰিষদ ফুটবল দল আৰু আফ্ৰিকাৰ পেগাচিচ ইন্টাৰনেশ্বনেল ক্লাবৰ মাজত চৰাইদেউৰ সাপেখাতী ষ্টেডিয়ামত উক্ত আমন্ত্ৰণমূলক ফুটবল মেচখন অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে উজনি অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উক্ত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলখন উপভোগ কৰিবলৈ অগণন ক্ৰীড়াপ্ৰেমী লোকেৰে সাপেখাতী ষ্টেডিয়ামৰ খেলপথাৰ লোকাৰণ্য হৈ পৰে।

সাপেখাতী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হাই ভল্টেজ খেলখনত অসম ৰাজ্যিক বিদুৎ পৰিষদৰ ফুটবল দলে আফ্ৰিকাৰ পেগাচিচ ইন্টাৰনেশ্বনেল ক্লাবৰ ফুটবল দলক ৬ -২ গ’লত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে উদ্ধোধন কৰা প্ৰতিযোগিতাখনত জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।