NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত গঁড় আক্ৰমণত আহত এনিমেল কিপাৰ

Posted by: উত্তম শইকীয়া June 23, 2018 7:29 pm
bokakhat

বোকাখাতৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আজি বিয়লি গঁড়ৰ আক্ৰমণত কেন্দ্ৰটোত কৰ্মৰত এজন এনিমেল কিপাৰ আহত হ’বলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে, আজি বিয়লি অহা বৰষুণৰ সময়ত কেন্দ্ৰটোত প্ৰতিপালিত হৈ থকা এটা গঁড়ক গঁড়ালত সোমোৱাবলৈ চেষ্টা কৰাৰ সময়তে গঁড়টোৰ আক্ৰমণৰ ফলত আহত হয় এনিমেল কীপাৰজন।

গঁড়ৰ আক্ৰমণত আঘাটপ্ৰাপ্ত কীপাৰজনক হেমকান্ত নাথ বুলি জানিব পৰা গৈছে। তেওঁ বোকাখাতৰে বাসীন্দা।

উক্ত ঘটনাৰ পিছতেই আহত হেমকান্ত নাথক বোকাখাততে প্ৰাথমিক চিকিৎসা কৰাই উঠি উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়।