NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ প্ৰায় ১৫ লাখ টকা

Posted by: এন ই নাও নিউজ April 16, 2019 3:06 pm
Flying squad

ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে বিভিন্ন স্থানৰ পৰা ফ্লায়িং স্কোৱাডে অভিযান চলাই ব্যাপক হাৰত ধন জব্দ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে নগাঁওত ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে ১৪ লাখ ৯৪ হাজাৰ টকা।

নগাঁৱৰ টেন ইলেভেন নামৰ হোটেলখনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধনখিনি।ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তিনিজন লোকক আটক কৰিছে। আটক কৰা লোককেইজন নাগাঁৱৰ ফৌজাদাৰীপট্টিৰ জিতেন গোস্বামী, তিনিচুকীয়াৰ ছাকিল আহমেদ আৰু গুৱাহাটীৰ অৰিন্দম কাকতি বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে তিনিওজনক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।

আনহাতে, টকাখিনি জব্দহোৱা হোটেলখনৰ কোঠাটোৰ পৰা কংগ্ৰেছৰ নগাঁও জিলাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ছবি থকা বেজো উদ্ধাৰ কৰা হৈছে। নৱ তালুকদাৰ নামৰ এজন ব্যক্তিৰ নামত হোটেলৰ কোঠাটো বুকিং কৰা হৈছিল।

উল্লেখযোগ্য যে, নগাঁওত দ্বিতীয় পৰ্য্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি আবেলি সমষ্টিটোত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে নিকা আৰু শান্তিপূৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত কৰা বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।