NORTHEAST NOW (Assamese)
Popular Stories

৬৫ বছৰীয়া দৰা আৰু ৬২ বছৰীয়া কইনা, সমাজৰ গঞ্জনা সহিব নোৱাৰি মন্দিৰত বিবাহপাশত আৱদ্ধ বৃদ্ধ দম্পতী

May 17, 2026 1:23 pm

বিহাৰৰ জামুই জিলাৰ খাইৰা থানাৰ অন্তৰ্গত ডুমৰকোলা গাঁৱত অনুষ্ঠিত হোৱা এখন বিবাহ সমগ্ৰ অঞ্চলটোতে চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াত ৬৫ বছৰীয়া চপত মাঁঝি আৰু তেওঁৰ প্ৰতিবেশী ৬২ বছৰীয়া আশা দেৱীয়ে সমাজৰ ৰীতি-নীতিৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি মহাদেৱ চিমৰিয়া মন্দিৰত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয়। এই বিবাহৰ আটাইতকৈ বিশেষ কথাটো আছিল যে এই দম্পতীহাল যোৱা এবছৰ ধৰি কোনো সম্পৰ্ক নোহোৱাকৈ একেলগে বাস কৰি আছিল। যাৰ বাবে তেওঁলোকে মানুহৰ তিৰস্কাৰো শুনিবলগীয়া হৈছিল।

গাঁৱত চপত মাঁঝি আৰু আশা দেৱীৰ ঘৰ ঠিক ইজনে সিজনৰ বিপৰীতে অৱস্থিত। সেয়েহে তেওঁলোকে ইজনে সিজনক বহু বছৰ ধৰি চিনি পায়। দুয়ো নিজৰ জীৱনত বৰ অকলশৰীয়া আৰু অসুৰক্ষিত অনুভৱ কৰিছিল। প্ৰায় এবছৰ আগতে তেওঁলোকে একেখন চালৰ তলত থকাৰ সিদ্ধান্ত লৈছিল যাতে তেওঁলোকে ইজনে সিজনৰ সুখ-দুখত লগ দিব পাৰে আৰু দৈনন্দিন কামত ইজনে সিজনক সহায় কৰিব পাৰে। অৱশ্যে এগৰাকী বৃদ্ধ পুৰুষ আৰু মহিলাই কোনো সম্পৰ্ক নোহোৱাকৈ একেলগে থকাটো গাঁৱৰ লোকসকলে সহজভাৱে লব পৰা নাছিল। গাঁৱৰ মানুহে তেওঁলোকৰ একেলগে থকাৰ কথাক লৈ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল।

এই বৃদ্ধ দম্পতীহালে প্ৰতিদিনে মানুহৰ কথা আৰু ঠাট্টা-মস্কৰাৰ সন্মুখীন হবলগীয়া হৈছিল। প্ৰতিদিনে এনে মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ দুয়ো অৱশেষত মন্দিৰত বিয়া পতাৰ সিদ্ধান্ত লয়। সমাজৰ আগত নিজৰ এই সম্পৰ্কটোক এটা নাম দি তেওঁলোকে চিৰদিনৰ বাবে মানুহৰ মুখ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এইখন চপত মাঁঝিৰ চতুৰ্থ বিবাহ। তেওঁৰ প্ৰথম পত্নীৰ প্ৰায় পোন্ধৰ বছৰ আগতেই মৃত্যু হৈছিল। ইয়াৰ পিছত তেওঁ এজনী এজনীকৈ আৰু তিনিখন বিয়া কৰাইছিল, কিন্তু ভাগ্যই তেওঁক সংগ নিদিলে আৰু তেওঁৰ আগৰ তিনিওগৰাকী পত্নীৰ বেলেগ বেলেগ সময়ত মৃত্যু হয়। চপত মাঁঝিৰ এজন পুত্ৰ আৰু বোৱাৰীও আছে, যি কামৰ সন্ধানত গাঁৱৰ বাহিৰত থাকে। চপত মাঁঝিয়ে জানিবলৈ দিয়া মতে বয়স বঢ়াৰ লগে লগে আৰু অকলশৰীয়া হোৱাৰ বাবে তেওঁৰ মৌলিক প্ৰয়োজনসমূহৰ যত্ন লবলৈ কোনো নাছিল, সেয়া লাগিলে খাদ্য যোগান ধৰাই হওক বা বেমাৰ হলে যত্ন লোৱাই হওক। তেওঁ সম্পূৰ্ণৰূপে নিৰুপায় হৈ পৰিছিল। এনে কঠিন সময়ত আশা দেৱীয়ে এগৰাকী প্ৰতিবেশী হিচাপে তেওঁৰ যত্ন লবলৈ আৰম্ভ কৰে, যাৰ ফলত দুয়োৰে মাজত আপোন ভাৱ গা কৰি উঠে আৰু তাৰ পিছত সম্পৰ্কটো এই পৰ্যায় পায়গৈ।

আনহাতে ৬২ বছৰীয়া কইনা আশা দেৱীৰ জীৱনো দুখেৰে ভৰা। প্ৰায় দুবছৰ আগতে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল। তেওঁৰ এজনী ছোৱালী আছে, যিয়ে বিয়াৰ পিছত নিজৰ বৃদ্ধ মাতৃৰ যত্ন লোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আশা দেৱীৰ বাবে অকলে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰিছিল। যেতিয়া তেওঁ চপত মাঁঝিৰ অসুস্থতা আৰু অকলশৰীয়া অৱস্থা দেখিছিল, তেতিয়া তেওঁ তেওঁৰ ঘৰৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিছিল। আশা দেৱীৰ মতে তেওঁলোকে ইজনে সিজনৰ সহায়ক হৈ পৰিছিল। তথাপিও তেওঁলোকৰ অসুবিধা বুজাৰ পৰিৱৰ্তে সমাজে তেওঁলোকৰ ফালে আঙুলিয়াবলৈ আৰম্ভ কৰে। সেয়েহে তেওঁলোকে ভগৱান মহাদেৱৰ শৰণ লৈ বিবাহপাশত আৱদ্ধ হয়।

এই বিবাহে পৰিয়ালৰ ভিতৰত এক নতুন বিবাদৰ সৃষ্টি কৰিছে। চপত মাঁঝিৰ পুত্ৰ অজয় মাঁঝিয়ে পিতৃৰ এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰিছে। অজয়ৰ মতে জীৱনৰ এই শেষ সময়ছোৱাত পিতৃয়ে পুনৰ বিবাহ কৰোৱাৰ সিদ্ধান্তটো পৰিয়ালৰ মৰ্যাদাৰ বাবে একেবাৰেই ভাল নহয়। অজয়ে লগতে কয় যে এতিয়া তেওঁ নিজৰ ঘৰত পিতৃক বা নতুন মাহী আইক কোনো স্থান নিদিয়ে।