NORTHEAST NOW (Assamese)
দেশ

তিনিদিনৰ বাবে ইডি জিম্মাৰ ম্যাদ বৃদ্ধি হেমন্ত ছোৰেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2024 7:25 pm
Hemant Soren

ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ইডিৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে আদালতে। বিশেষ আদালতে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ম্যাদ তিনিদিনৰ বাবে বৃদ্ধি কৰে।

প্ৰকাশিত খবৰ অনুসৰি, এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চাৰিদিনৰ জিম্মা বৃদ্ধিৰ বাবে আবেদন জনাইছিল যদিও আদালতে তিনিদিনৰ বাবে আবেদন মঞ্জুৰ কৰে। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছোৰেনৰ অধিবক্তাই।

হেমন্ত ছোৰেনৰ অধিবক্তা এডভোকেট জেনেৰেল ৰাজীৱ ৰঞ্জনে সাংবাদিকৰ আগত উল্লেখ কৰা মতে, তদন্তকাৰী সংস্থাটোৰ হাতত জিম্মাৰ আবেদনৰ বাবে কোনো ভিত্তি নাই।

এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে মাত্ৰ সময় পাৰ কৰিব বিচাৰে বুলি অধিবক্তাগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীত ধন সৰবৰাহৰ গোচৰত সাত ঘণ্টীয়া জেৰাৰ অন্তত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

ইয়াৰ পিছতে ২ ফেব্ৰুৱাৰীত আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৫ দিনৰ ইডি জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে ৭ ফেব্ৰুৱাৰীত বিশেষ আদালতে পুনৰ পাঁচ দিন জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল।