NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ড : এন ডি এফ বি (প্ৰঃ)ৰ সৈতে আলোচনাক আদৰণি জনাই কোকৰাঝাৰত জোঁৰ সমদল

Posted by: ৰিনয় বসুমতাৰী June 24, 2018 9:47 pm

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী কৰা এনডিএফবি (প্ৰগতিশীল)ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি মাথুৰৰ কাইলৈ ২৫ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’ব প্ৰথমখন বৈঠক।

বহু প্ৰতীক্ষিত উক্ত আলোচনাক আদৰণি জনাই আলোচনা ফলপ্ৰসূ হোৱাৰ কামনাৰে আজি ২৪ জুনৰ সন্ধিয়া কোকৰাঝাৰ চহৰত উলিওৱা হয় এক জোঁৰ সমদল। এনডিএফবি (প্ৰ), পিজেএচিবিএম আৰু এবছুৰ যৌথ উদ্যোগত সন্ধিয়া ৬ বজাত কোকৰাঝাৰ চহৰৰ আচাম অইলৰ পৰা বিটিচি সচিবালয় খেলপথাৰলৈ এই সমদল বাহিৰ কৰা হয়।

জোঁৰ সমদলটোত পিজেএচিবিএমৰ মুখ্য আহ্বায়ক গৌৰ্জন মুছাহাৰী, এবছু নেতা সৌমদন বসুমতাৰী আৰু এনডিএফবিৰ (প্ৰ) কোকৰাঝাৰ  আৰু চিৰাং জিলা বহু নেতাৰ লগতে তিনিওটা সংগঠনৰ কেইবা শতাধিক কৰ্মী, সদস্যই অংশগ্ৰহণ কৰে।