NORTHEAST NOW (Assamese)
Popular Stories

প্রধানমন্ত্ৰী মোদী-বিৰোধী আৰু পাকিস্তান সমৰ্থক ফেচবুক পোষ্টৰ অভিযুক্তক জামিন এলাহবাদ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2026 8:26 pm

ইলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক আৰু পাকিস্তান সমৰ্থক ফেচবুক পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত অভিযুক্ত বুলন্দচহৰৰ বাসিন্দা তাহিৰ মেৱাটীক জামিন প্ৰদান কৰিছে। বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদন অনুসৰি, ন্যায়াধীশ ৰাজীৱ লোচন শুক্লাৰ একক বিচাৰপীঠে গোচৰটোৰ পৰিস্থিতি লক্ষ্য কৰি সোমবাৰে এই জামিন আবেদন মঞ্জুৰ কৰে।

তাহিৰ মেৱাটীৰ বিৰুদ্ধে ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক উপহাস কৰা আৰু পাকিস্তান সমৰ্থক ছবি তথা পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগ আছিল। আদালতত দাখিল কৰা ছচিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বটসমূহত প্ৰধানমন্ত্ৰী মোদীক পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে বান্ধি টানি লৈ যোৱাৰ দৰে আপত্তিজনক ৰূপত দেখুওৱা হৈছিল। এই পোষ্টসমূহৰ সৈতে মোদীয়ে ক্ষমা খুজিছে বুলি কেপচন আৰু পাকিস্তানৰ সমৰ্থনত লিখা অন্যান্য উৰ্দু প্ৰবন্ধও আছিল বুলি অভিয়োজন পক্ষই প্ৰকাশ কৰিছে।

শুনানিৰ সময়ত চৰকাৰী পক্ষই যুক্তি দিছিল যে মেৱাটীয়ে চলাই থকা ফেচবুক একাউণ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বদনাম কৰাৰ লগতে পাকিস্তান সমৰ্থক ভাৱনাক প্ৰসাৰিত কৰা হৈছিল। মেৱাটীৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ম’বাইল ফোন, আই পি এড্ৰেছ, একাউণ্টৰ সৈতে জড়িত ইমেইল আইডি, ফোন নম্বৰ আৰু মেটাডেটা আদি ডিজিটেল প্ৰমাণ হিচাপে দাখিল কৰি তেওঁলোকে দাবী কৰিছিল যে এই একাউণ্টৰ সৈতে মেৱাটীৰ পোনপটীয়া সম্পৰ্ক আছে।

আনহাতে মেৱাটীৰ অধিবক্তাই আদালতত কয় যে এই ফেচবুক একাউণ্টটো সম্পূৰ্ণ ভুৱা আছিল আৰু তেওঁৰ মক্কেলৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ কোনো অজ্ঞাত ব্যক্তিয়েহে ইয়াক তৈয়াৰ কৰিছিল। মেৱাটীয়ে ছচিয়েল মিডিয়াত একো পোষ্ট কৰা নাই আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো ভিডিঅ’ ভাইৰেল কৰা নাই বুলি উল্লেখ কৰি তেওঁৰ কোনো অপৰাধমূলক ইতিহাসো নাই বুলি অধিবক্তাগৰাকীয়ে যুক্তি দৰ্শায়। আদালতত দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত শেষত অভিযুক্তক জামিন দিয়া হয়।

এই সমগ্ৰ ঘটনাটো যোৱা ২০২৫ চনৰ আছিল, যেতিয়া তাহিৰ মেৱাটীৰ বিৰুদ্ধে বুলন্দচহৰৰ ছালিমপুৰ থানাত বি এন এছৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ যোৱা ১৪ মে’ৰ পৰা কাৰাগাৰত বন্দী হৈ আছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ আগষ্ট মাহত উচ্চ ন্যায়ালয়ে তেওঁৰ পোষ্টসমূহক উচতনিমূলক আৰু সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব পৰা বুলি অভিহিত কৰি জামিন আবেদন নাকচ কৰিছিল। সত্ৰ আদালতেও পূৰ্বে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰিছিল য’ত অভিযুক্তই কেৱল কিছুমান মিম আপলোড কৰা বুলি কৈছিল যদিও উচ্চ ন্যায়ালয়ত তেওঁ যিকোনো সামগ্ৰী পোষ্ট কৰাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।