গীৰ ৰাষ্ট্ৰীয় উদ্যানত ৭টা সিংহৰ অস্বাভাৱিক মৃত্যু, কোৱাৰেণ্টাইনত ১৭টা সিংহ; বাঢ়িছে উদ্বেগ

গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানত ৭টা সিংহৰ মৃত্যু ঘটিছে। ভাইৰাছ সংক্ৰমণৰ বাবে ইটোৰ পিছত সিটো সিংহৰ মৃত্যুক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে পৰিস্থিতি পুনৰীক্ষণৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছে। ৰাজ্যসভাৰ সাংসদ তথা পশুপ্ৰেমী পৰিমল নাথৱানীয়েও উদ্বেগ প্ৰকাশ কৰিছে।
সাংসদ পৰিমল নাথৱানীয়ে কয় যে কেনিন ডিষ্টেম্পাৰ ভাইৰাছ (চিডিভি) আৰু বেবেছিয়া সংক্ৰমণৰ বাবে গীৰ অঞ্চলত সিংহৰ মৃত্যু হৈছে। তেওঁ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু গুজৰাটৰ বন আৰু পৰিৱেশ মন্ত্ৰী অৰ্জুন মধৱাদিয়ালৈ পত্ৰ লিখি জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। তেওঁ আক্ৰান্ত সিংহৰ শীঘ্ৰে চিকিৎসা, মৃত্যু ৰোধ আৰু সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
নাথৱানীয়ে পত্ৰখনত লিখিছে যে গীৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগে এই সংক্ৰমণ ৰোধ কৰাৰ লগতে সিংহক বচাবলৈ দিনে নিশাই কাম কৰি আছে।
পৰিস্থিতিৰ ভয়াৱহতাক বিবেচনা কৰি মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত জনোৱা হয় যে গিৰ গাধাদা আৰু বাব্ৰীয়া অঞ্চলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলোবোৰ সিংহৰ ওপৰত কঠোৰ নিৰীক্ষণ অব্যাহত ৰখা হৈছে। অসুস্থতাৰ কোনো নতুন লক্ষণ এতিয়াও পোৱা হোৱা নাই। বন বিভাগে আমৰেলী আৰু ভৱনগৰ জিলাৰ বিভিন্ন অঞ্চলত সুক্ষ্ম নিৰীক্ষণ চলাই আছে আৰু প্ৰতিদিনে প্ৰতিবেদন সংগ্ৰহ কৰি আছে।
গ্ৰীষ্মৰ আৰম্ভণিতে দেখা দিয়া ঋতুভিত্তিক ৰোগৰ পৰা সিংহক ৰক্ষা কৰিবলৈ গীৰ অঞ্চলত ৩৫০ৰো অধিক সিংহৰ স্বাস্থ্য পৰীক্ষা, ডি-টিকিং আৰু অন্যান্য পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্থানীয় প্ৰশাসনৰ চিকিৎসক ডাঃ জয়পাল সিঙে জানিবলৈ দিয়া মতে জুনাগড় পশু চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকসকলো এই কামত জড়িত হৈ আছে।
তেওঁ কয় যে মৃত সিংহৰ মৃতদেহত সংক্ৰামক ভাইৰাছৰ লক্ষণ পোৱা গৈছে। কিন্তু চিডিভি হয় নে নহয় সেয়া এতিয়াও নিশ্চিতভাৱে কোৱা সম্ভৱ হোৱা নাই। নমুনা সংগ্ৰহ কৰা হৈছে আৰু প্ৰতিবেদন পাবলৈ প্ৰায় এসপ্তাহ সময় লাগিব। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ১৭টা সিংহক কোৱাৰেণ্টাইনত ৰখা হৈছে। ইয়াৰে আঠটা সিংহৰ শৰীৰত সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ১২ জনীয়া পশু চিকিৎসকৰ এটা বিশেষ দলে আক্ৰান্ত সিংহৰ চিকিৎসাৰ বাবে ২৪ ঘণ্টীয়া কাম কৰি আছে।
গীৰ বন প্ৰশাসনৰ সূত্ৰ অনুসৰি সিংহকেইটাৰ পূৰ্বতে কোনো স্বাস্থ্যজনিত সমস্যা আছিল নেকি সেই বিষয়েও তদন্ত চলি আছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তাত বৃহৎ সংখ্যক বনকৰ্মী মোতায়েন কৰা হৈছে। সম্প্ৰতি প্ৰায় ২৫০ জন বন বিভাগৰ কৰ্মী এই অভিযানত জড়িত হৈ আছে।
তদুপৰি জামনগৰ, চুৰাট, ৰাজকোট, কুচ আৰু জুনাগড়ৰ পৰা ২০ জনতকৈ অধিক বন বিষয়া আৰু শ্ৰমিকক গীৰলৈ অনা হৈছে। ইয়াৰ ভিতৰত আছে আৰ এফ অ’, বনৰক্ষী আৰু বনকৰ্মী। উল্লেখযোগ্য যে ইয়াৰে বহুতেই ইয়াৰ আগতেও গীৰ বনাঞ্চলত কাম কৰি আহিছে আৰু পৰিস্থিতিৰ অভিজ্ঞ হোৱাৰ বাবে তেওঁলোকক পুনৰ কৰ্তব্যলৈ অনা হৈছে।