NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত যোগদান! তিনিদিনৰ ভিতৰতে দুবাৰকৈ ছোনিয়া গান্ধীক সাক্ষাৎ প্ৰশান্ত কিশোৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2022 10:56 am

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সোমবাৰে পুনৰ কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰে। নতুন দিল্লীৰ ১০নং জনপথত থকা নেত্ৰীগৰাকীৰ বাসভৱনত দুয়োগৰাকীয়ে এক বৈঠকত মিলিত হয়।  

যোৱা তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ছোনিয়া গান্ধীৰ সৈতে সাক্ষাৎকৰে প্ৰশান্ত কিশোৰে। ইয়াকেলৈ নিৰ্বাচন ৰণনীতিবিদগৰাকীৰ কংগ্ৰেছত যোগদানৰ সম্ভৱনা আৰু বৃদ্ধি পোৱা দেখা গৈছে।

ইয়াৰ পূৰ্বে যোৱা শনিবাৰে প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল। উক্ত বৈঠকত তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত ব্লুপ্ৰিন্ট দাঙি ধৰিছিল।

লগতে পঢ়ক: সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ! পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ

তদুপৰি, শনিবাৰৰ বৈঠকত তেওঁ কংগ্ৰেছে যাতে পৰৱৰ্তী নিৰ্বাচনত ৩৭০খন আসনৰ ওপৰতহে দৃষ্টি দিয়ে তাৰো পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। লগতে তেওঁ কৈছিল যে যিবোৰ ৰাজ্যত কংগ্ৰেছ দ্বিতীয় স্থানত বা শক্তিশালী অৱস্থানত আছে তাত অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উচিত।

ইয়াৰ মাজতে কালি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল ছোনিয়া গান্ধীৰ বাসভৱনত এখন জৰুৰী বৈঠকত মিলিত হয়। প্ৰশান্ত কিশোৰৰ বিষয়টোলৈ আলোচনা কৰাৰ বাবেই ছোনিয়া গান্ধীয়ে এই বৈঠক আহ্বান কৰা বুলি অনুমান কৰা হৈছে।

এই বৈঠকত প্ৰিয়ংকা গান্ধীৰ উপৰি, কে চি বেণুগোপাল, অম্বিকা ছোনিকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিতি থাকে। বৈঠকৰ পিছতে পুনৰ প্ৰশান্ত কিশোৰক ছোনিয়া গান্ধীৰ বাসভৱনত দেখা যায়।

লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

ইয়াৰ পূৰ্বে শনিবাৰে কংগ্ৰেছ নেতা কে চি বেণুগোপালে জানিবলৈ দিছিল যে প্ৰশান্ত কিশোৰৰ ‘প্ৰস্তাৱ’সমূহৰ ওপৰত আলোচনা কৰি এসপ্তাহৰ ভিতৰত দলে চূড়ান্ত সিদ্ধান্ত ল’ব। এতিয়া দলে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।