NORTHEAST NOW (Assamese)
অসম

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2026 12:51 pm

ইৰাক ৪০ বছৰৰ পিছত বিশ্বকাপলৈ ঘূৰি আহিছে। কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই অঘটন! যিজন ফুটবলাৰৰ গ’লত স্বপ্নপূৰণ হোৱাৰ কথা, তেওঁ আমেৰিকাত ভৰি দিয়াৰ পিছতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হ’বলগীয়া হ’ল। ইৰাকৰ এজন ক্ৰীড়া বিষয়াই দাবী কৰিছে যে ইৰাকৰ তাৰকা ষ্ট্ৰাইকাৰ আয়মেন হুছেইনক চিকাগোৰ অ’হেৰ বিমানবন্দৰত প্ৰায় সাত ঘণ্টা ধৰি আটক কৰি জেৰা কৰা হৈছিল।

অৱশেষত হুছেইনক প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল যদিও ইৰাকী দলৰ ফটোগ্ৰাফাৰ তালাল চালাহৰ ক্ষেত্ৰত ছবিখন বেলেগ আছিল। সূত্ৰই দাবী কৰিছে যে তেওঁক ১০ ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰখা হৈছিল আৰু অৱশেষত তেওঁক আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।

বিশ্বকাপ আৰম্ভ হ’বলৈ এতিয়াও কেইটামান দিন বাকী থকা সময়তে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

ইৰাকৰ অলিম্পিক কমিটীৰ সৈতে জড়িত বিষয়াগৰাকীয়ে জনোৱা মতে, বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই আয়মান হুছেইনৰ মোবাইল ফোনটো পৰীক্ষা কৰা হয়। ইমান সময় তেওঁক কিয় জেৰা কৰা হ’ল সেই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া হোৱা নাই।

একেটা সূত্ৰই কয় যে, “ৰাষ্ট্ৰীয় দলৰ ফটোগ্ৰাফাৰ তালাল চালাহক ১০ ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰখা হৈছিল। তেওঁৰ ফোনটোও পৰীক্ষা কৰা হৈছিল। পিছত তেওঁক আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।”

ইৰাকী ফুটবল ফেডাৰেচনে এতিয়ালৈকে সমগ্ৰ কাণ্ডটোক লৈ মৌনতা অৱলম্বন কৰিছে। আয়মান হুছেইনক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট আৰু হোমলেণ্ড ছিকিউৰিটি বিভাগেও মুখ বন্ধ ৰাখিছে।

ইৰাকী দলটোৰ আগমনৰ খবৰ পোৱাৰ পিছতে পুৱাৰে পৰা বিমানবন্দৰত ৰৈ আছিল অনুৰাগীসকল। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে তেওঁলোকে ফুটবলাৰসকলক ৰাষ্ট্ৰীয় পতাকা লৈ আদৰণি জনাইছে। ফটো তুলিছে, শুভেচ্ছা বিনিময় কৰিছে।

এনে পৰিস্থিতিত দলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফুটবলাৰগৰাকীৰ কৰুণ অভিজ্ঞতাই নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যেতিয়া বিশ্বকাপৰ দৰে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ পূৰ্বে ইতিমধ্যে বিভিন্ন মহলত নিৰাপত্তা আৰু প্ৰৱেশ পদ্ধতিৰ বিষয়ে আলোচনা চলি আছিল। ইৰাকৰ অন্যতম আগশাৰীৰ ষ্ট্ৰাইকাৰ আয়মান হুছেইন। তেওঁৰ কাষত আছে আলী আল-হামাদী, আলী জাছিম আৰু ইউছেফ আমিনৰ দৰে ফুটবলাৰ।

এইবাৰ বিশ্বকাপত ইৰাক অতি কঠিন গ্ৰুপত আছে। তেওঁলোকে ফ্ৰান্স, চেনেগাল আৰু নৰৱেৰ বিৰুদ্ধে খেলিব লাগিব। ৪০ বছৰৰ পাছত বিশ্বকাপলৈ ঘূৰি অহা দলটোৰ বাবে প্ৰতিখন মেচ গুৰুত্বপূৰ্ণ।