NORTHEAST NOW (Assamese)
Popular Stories

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2026 7:00 am

মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই যেতিয়া বাহ্যিক জীৱাণুৰ পৰিৱৰ্তে নিজৰ শৰীৰৰ কোষ আৰু কলাসমূহক ধ্বংস কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই সৃষ্টি হয় এক ভয়াৱহ পৰিস্থিতিৰ। চিকিৎসা বিজ্ঞানৰ ভাষাত ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামেৰে পৰিচিত এই জটিল ‘অটোইমিউন’ ৰোগত আক্ৰান্ত ৰোগীয়ে ক্ৰমান্বয়ে নিজৰ দৃষ্টিশক্তি, চলনশক্তি আৰু স্মৃতিশক্তি হেৰুৱাই পেলায়। বাহ্যিক শত্ৰুৰ পৰিৱৰ্তে ৰোগীৰ নিজৰ শৰীৰেই যেতিয়া আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে, তেতিয়া লাহে লাহে সমগ্ৰ স্নায়ুতন্ত্ৰ বিকল হৈ ৰোগীৰ মৃত্যুৰ দিশে গতি কৰে।

দিল্লীৰ এইমছৰ (AIIMS) চিকিৎসকে প্ৰকাশ কৰা গৱেষণাপত্ৰ অনুসৰি, জন্মৰ পিছৰে পৰা মানৱ শৰীৰে নিজৰ অংশ আৰু বাহ্যিক পদাৰ্থৰ মাজৰ পাৰ্থক্য বুজিবলৈ সক্ষম হয় আৰু বাহ্যিক জীৱাণুৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। কিন্তু এই ৰোগত শৰীৰৰ এই প্ৰতিৰোধ ক্ষমতা বা অনাক্ৰম্যতা বিনষ্ট হৈ পৰে। শৰীৰে নিজৰ অংশসমূহ চিনাক্ত কৰিব নোৱাৰি নিজৰেই কোষসমূহ নষ্ট কৰিবলৈ আৰম্ভ কৰে। মগজুৰ স্নায়ুতন্ত্ৰৰ ওপৰত থকা ‘মায়েলিন’ নামৰ আৱৰণটো নষ্ট হৈ যোৱাৰ ফলত মগজু আৰু শৰীৰৰ আন অংশৰ মাজত স্নায়বিক সংকেতৰ আদান-প্ৰদান বন্ধ হৈ পৰে। ইয়াৰ পৰিণতিত মগজুৱে সমগ্ৰ শৰীৰৰ পৰা নিয়ন্ত্ৰণ হেৰুৱায় আৰু ৰোগীৰ অংগ-প্ৰত্যংগসমূহ বিকল হোৱাৰ লগতে ‘মাল্টি-অৰ্গেন ফেইলিয়াৰ’ৰ দৰে অৱস্থাৰ সৃষ্টি হয়।

এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সাধাৰণ হোৱাৰ বাবেই বহু সময়ত ৰোগীয়ে ইয়াৰ ভয়াৱহতাৰ বিষয়ে আগতীয়াকৈ অনুমান কৰিব নোৱাৰে। মূৰ ঘূৰোৱা, মাজে মাজে দৃষ্টিশক্তি ঝাপসা হৈ অহা আৰু পৰ্যাপ্ত টোপনিৰ পিছতো অনুভৱ হোৱা চৰম ক্লান্তিক সাধাৰণতে জটিল ৰোগৰ পৰ্যায়ত পেলোৱা নহয় যদিও, এই লক্ষণসমূহে পৰৱৰ্তী সময়ত মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰে। লাহে লাহে শৰীৰৰ যিকোনো এক অংশ অসাৰ হৈ পৰে আৰু ৰোগীয়ে খোজকঢ়া বা কাম কৰাৰ ক্ষমতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলায়। লগতে ‘ব্ৰেইন ফগ’ নামৰ এক অৱস্থাৰ সৃষ্টি হয়, য’ত ৰোগীৰ চিন্তাশক্তি বিভ্ৰান্ত হয় আৰু স্মৃতিশক্তি ক্ৰমান্বয়ে লোপ পায়।

সাধাৰণতে ২০ বছৰৰ পৰা ৫০ বছৰ বয়সৰ লোকসকল এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক থাকে। দিল্লীৰ এইমছ আৰু মেক্স ইনষ্টিটিউট অৱ নিউৰ’ছায়েন্সেছে এই ৰোগক লৈ নিৰন্তৰ গৱেষণা চলাই থকাৰ সমান্তৰালকৈ মুম্বাইৰ ‘মাল্টিপল স্ক্লেৰ’ছিছ ছ’চাইটী অৱ ইণ্ডিয়া’তো ইয়াৰ চিকিৎসা প্ৰদান কৰা হয়। চিকিৎসা বিজ্ঞানত বৰ্তমানলৈকে এই ৰোগৰ কোনো সম্পূৰ্ণ নিৰাময় বা আৰোগ্যৰ উপায় আৱিষ্কাৰ হোৱা নাই। তথাপি চিকিৎসা পদ্ধতিৰ জৰিয়তে ৰোগীৰ অৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ চিকিৎসকে ষ্টেৰইড বেজী প্ৰদান কৰা আৰু ফিজিঅ’থেৰাপী কৰোৱাৰ পৰামৰ্শ দিয়ে।