NORTHEAST NOW (Assamese)
অসম

বাৰিষাৰ লগত মোকাবিলা কৰিব পৰাকৈ মাজুলীত ‘ওপঙা আশ্ৰয়গৃহ’ নিৰ্মাণ

Posted by: মিটু খাটনিয়াৰ June 26, 2018 3:14 pm

প্ৰতিবছৰে মাজুলীবাসী বানপানীৰ সমস্যা তথা দুৰ্যোগৰ সন্মুখীন হৈ আহিব লগা হৈছে। ফলত মাজুলীত এইবাৰ বানপানীৰ দুৰ্যোগৰ পৰা কিছু পৰিমানে সকাহ পোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে ওপঙা আশ্ৰয় গৃহ।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত যশস্বী বোলছবি পৰিচালক, ৰাজ্যৰ বিশিষ্ট অভিযন্তা সঞ্জীৱ সভাপণ্ডিতে গুৱাহাটীস্থ দুই ব্যক্তিগত প্ৰতিষ্ঠান ক্ৰমে ট্ৰানচ ভাৰচোৱেল প্ৰাইভেট লিমিটেড আৰু ইনটচিচ চাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি উলিয়াইছে ‘বন্যাৰ্তৰ ওপঙা আশ্ৰয়থলী’।

আজি পুৱা উদ্ভাৱনকাৰীৰ উপস্থিতিত মাজুলীৰ উপায়ুক্তই এক পৰীক্ষামূলক প্ৰয়োগৰ শুভাৰম্ভ কৰে। আৰু ইয়াৰ নামাকৰণ কৰা হৈছে ‘মাডাৰ শ্বেলটাৰ’।

উল্লেখযোগ্য যে এই ওপঙা গৃহত বাৰিষাৰ সময়ত প্ৰায় ৪০ জন লোকে একেলগে থাকিব পাৰিব। আশ্ৰয়ৰ সুবিধাৰ লগতে ইয়াত থাকিব পানীৰ সু-ব্যৱস্থা, শৌচাগাৰৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যয়নৰ কোঠা।

আনহাতে প্ৰতিবছৰে বানে জুৰুলা কৰা মাজুলীবাসী তথা মাজুলীৰ মালাপিন্ধা গাঁৱৰ লোক সকলক বাৰিষা এনে ধৰণৰ ওপঙা আশ্ৰয় গৃহই যথেষ্ট সকাহ দিব বুলি স্থানীয় ৰাইজে আশা কৰিছে।