NORTHEAST NOW (Assamese)
Popular Stories

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2026 7:13 pm

অহা কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি এটা সুকীয়া গোট গঠনৰ আবেদন জনাবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছৰ বিশ গৰাকী বিদ্ৰোহী সাংসদ। তাৰ পূৰ্বে আজি দিল্লীৰ বংগ ভৱনত তেঁওলোকে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। এই বৈঠকৰ মাজতে সাংসদসকলে তাতেই নৈশভোজো গ্ৰহণ কৰিব। বিশেষ কথাটো হ’ল যে বংগ ভৱনৰ চকীবোৰ আৰু মেজবোৰ গেৰুৱা ৰঙৰ কাপোৰেৰে ঢাকি দিয়া হৈছে। নৈশভোজৰ খাদ্যৰ তালিকাত পঞ্চব্যঞ্জনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত মাছ তথা মাংস দুয়োবিধ খাদ্যই থাকিব বুলি জানিব পৰা গৈছে।

বংগ ভৱনত বিদ্ৰোহী সাংসদসকলৰ নৈশভোজৰ বাবে কেইবাটাও সুস্বাদু খাদ্যৰ প্ৰস্তুতি চলোৱা হৈছে। ভাত আৰু ৰুটীৰ লগতে এই তালিকাত থাকিব খাহী মাংস, ইলিছ মাছৰ ভাপত দিয়া ব্যঞ্জন, পটলৰ দৰমা, আলু ভাজি, দৈ, চাটনী আৰু পাপড়। যিবোৰ চকী আৰু মেজত বহি সাংসদসকলে আহাৰ গ্ৰহণ কৰিব, সেইবোৰ গেৰুৱা কাপোৰেৰে সজোৱা হৈছে। এই বৈঠকৰ পূৰ্বেই বংগ ভৱনৰ সেই নিৰ্দিষ্ট কোঠাটোৰ ছবি পোহৰলৈ আহিছে।

দেওবাৰে ৰাতিপুৱাই কলকাতাৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল তৃণমূলৰ এই বিদ্ৰোহী সাংসদসকলে। দিল্লীত উপস্থিত হৈ তেওঁলোকে পোনপ্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা ভূপেন্দ্ৰ যাদৱৰ বাসভৱনত এক বৈঠকত মিলিত হয়। সেই বৈঠকৰ অন্তত সাংসদসকল দিল্লীৰ নিজা বাসস্থানলৈ উভতি যোৱাৰ কথা আছিল। সন্ধিয়াৰ পিছত তেওঁলোকে দিল্লীৰ বংগ ভৱনত নৈশভোজৰ বাবে একত্ৰিত হ’ব। তাত কাকলি, সুদীপ, ছায়নী, দেৱ আদি সাংসদসকলৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি বিদ্ৰোহী সাংসদসকলে এক সুকীয়া গোট গঠনৰ দাবী জনাব। তেওঁলোকে একযোগে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক আবেদন জনাব বুলি জানিব পৰা গৈছে। তাৰ পূৰ্বে তৃণমূলৰ এই বিশ গৰাকী সাংসদৰ এই বৈঠক অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে, যাৰ বাবে নৈশভোজৰ মেজখন গেৰুৱা কাপোৰেৰে সজাই তোলা হৈছে।