NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বান পৰ্য্যালোচনা বৈঠক মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী August 2, 2019 7:35 pm
IMG-20190802-WA0033

অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই শুকুৰবাৰে কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন বিভাগীয় প্ৰতিনিধিৰ সৈতে এখন বানপানী পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত অধ্যক্ষতা কৰে কোকৰাঝাৰৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে। গোসাইগাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে পৰ্য্যালোচনা বৈঠকখনত অংশগ্ৰহণ কৰে।

বৈঠকত মন্ত্ৰী ব্ৰহ্মই অসম চৰকাৰক জমা দিবৰ বাবে বিভাগসমূহৰ পৰা বানপানীত হোৱা প্ৰকৃত ক্ষয়-ক্ষতি সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে আহ্বান জনায়।

জিলাখনৰ উপায়ুক্তগৰাকীয়েও বিভাগীয় বিষয়াসকলক বান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই অঞ্চলসমূহক সাধাৰণ অৱস্থালৈ ঘুৰাই অনাৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্য্যব্যৱস্থা আৰু ক্ষয়-ক্ষতি সম্বন্ধে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত প্ৰমীলা ৰাণী ব্ৰহ্মই বিগত বৰ্ষৰ বানপানীত কোকৰাঝাৰ জিলাই বানপনীৰ পাছত প্ৰয়োজনীয় প্ৰতিবেদন জমা দিয়াত ব্যৰ্থ হোৱা বাবে বানপানীৰ পৰৱৰ্তী সময়ৰ কোনোধৰণৰ সাহায্য লাভ কৰা নাছিল বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে একেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰবাবে প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগ সমূহক অনুৰোধ জনায়।