NORTHEAST NOW (Assamese)
অসম

চানি লিয়নিৰ “ফোন নম্বৰ” ফাদিল, হায়ৰান কৰিছে হাজাৰ হাজাৰ ফোন কলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2019 7:42 pm
Sunny Leone: Endless phone calls to talk with the bollywood icon

মানুহৰ মাজত থকা সীমাহীন ভেদা-ভেদ, বিভিন্ন শ্ৰেণী, বিশ্বাসৰ আৰু বিভিন্নতা নেওচি বিস্বৰ চুকে-কোনে বিশেষকৈ ভাৰতবৰ্ষত অতি জনপ্ৰিয় প্ৰাক্তন পৰ্ণ ষ্টাৰ তথা বলিউদি চিনেমাৰ হিৰোইন “চানি লিয়নি”ক ফোন কৰি হায়ৰান কৰিছে হাজাৰ হাজাৰ লোকে।

দিনে নিশাই আনকি ৰাতিপুৱা চাৰি বজাতো চানিক বিচাৰি আহে ফোন। কথা এটাই চানি লিয়নিৰ সৈতে এবাৰ কথা পাতিবলৈ লাগে।

বিশ্ববিখ্যাত আৰু অতি উচ্চ মানৰ বাতৰি প্ৰতিষ্ঠান বি বি চিৰ উদ্ধৃতিৰে আন এক প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠান আৰ টি (আগৰ ৰাছয়া টুদে)ই প্ৰকাশ কৰা বাতৰি মতে, বেছিভাগ ফোনেই ভাৰতীয় পুৰুষৰ।

আৰ্জুন পাতিয়ালা নামৰ চানি লিয়নে অভিনয় কৰা হিন্দী চিনেমাখনত চানি লিয়নিৰ বুলি এটা ফোন নম্বৰ প্ৰকাশ পাইছিল।

কিন্তু ফোন নম্বৰটো আকৌ আছে নতুন দিল্লীৰ পুনীত আগৰৱালা নামৰ যুৱক এজনৰ হাতত।

এতিয়া উপায়হীন ফোনৰ ৰিচিভাৰজনে চানি লিয়নি “গা ধুবলৈ যোৱা” বুলি কৈ পৰিত্ৰান বিচাৰে।

বি বি চি য়ে যুৱকজনৰ সৈতে বিশেষ এক্সক্লুছিভ সাক্ষাৎকাৰো গ্ৰহন কৰিছে।

এতিয়া আগৰৱালা পুলিচৰ ওচৰলৈ গ’লত পুলিচে আগৰৱালাক কোৰ্টৰ ওচৰলৈ যাবলৈ ক’লে বুলি প্ৰকাশ পাইছে বি বি চিৰ উদ্ধৃতিৰে ৰাছয়া টুদেৰ বাতৰিত।

আগৰৱালাই চিনেমাখনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কোৰ্টত জোৱাৰ চিন্তা কৰিছে।