NORTHEAST NOW (Assamese)
অসম

বাক্সাত বিবাহিত মহিলাক অপহৰণ কৰি নিয়া যুৱকক জেইললৈ প্ৰেৰণ

Posted by: দীপক কুমাৰ পাঠক June 26, 2018 10:42 pm
JabbarAli

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ  তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ তথা গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰী গাঁৱৰ এগৰাকী বিবাহিত মহিলাক অপহৰণ কৰি নিয়া এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছে।

এইদৰে বিবাহিত মহিলাক অপহৰণ কৰি নিবলৈ আহি আৰক্ষীৰ জালত বন্দী হৈ ৰঙাঘৰৰ আলহী হোৱা যুৱকজনৰ নাম হ’ল জব্বৰ আলী।

আৰক্ষী সূত্ৰে জানিব পৰা মতে,  কালি অৰ্থাৎ  ২৫ জুন সোমবাৰে সন্ধিয়া উত্তৰ গান্ধীবাৰী নিবাসী মংগল বড়োৰ পত্নীক এজন অচিনাক্ত লোকে কৌশলেৰে অপহৰণ কৰি লৈ যায়। পিছত মহিলা গৰাকীক ঘৰত নাপাই তেওঁৰ স্বামীয়ে লগে লগে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰ পোৱা মাত্ৰেই গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গান্ধীবাৰী অঞ্চলত অভিযান আৰম্ভ কৰে আৰু ঘটনাৰ লগত জড়িত জব্বৰ আলী শ্বেইখ (২৪) নামৰ যুৱক এজনক গান্ধীবাৰী চাৰিআলি  চকত আটক কৰে।

মিস্ত্ৰী কাম কৰি জীৱন নিৰ্বাহ কৰা  জব্বৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত ১৮৩  নং তুচুপাৰা গাঁৱৰ জবেদ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আজি জব্বৰক গান্ধীবাৰী আৰক্ষী চকীৰ পৰা তামুলপুৰ আৰক্ষী থানালৈ আনা হয়। জব্বৰক সোধা-পোছা কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। জ্বব্বৰক আজিয়েই জেইললৈও প্ৰেৰণ কৰা হয়।