NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সোণোৱালে একো নাজানে, ক্ষমা কৰাৰ বাহিৰে উপায় নাই; কিয় এই মন্তব্য প্ৰবীণ শিল্পী জে পি দাসৰ?

Posted by: কল্পজ্যোতি শইকীয়া June 26, 2018 11:48 pm
jp das

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একো নাজানে বুলি সোণোৱালৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমৰ প্ৰবীণ শিল্পী জে পি দাস। যোৱা ১২ জুনত গায়ক, সুৰকাৰ খগেন মহন্তৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি আজিলৈকে মহন্তৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভই নোহোৱাক লৈ মুখ্য মন্ত্ৰী সোণোৱালক তীব্ৰভাৱে সমালোচনা কৰি নৰ্থ ইষ্ট নাও-ৰ আগত এইদৰে মন্তব্য কৰিছে প্ৰবীণ শিল্পীজনে।

‘শ্ৰদ্ধাৰ খগেন মহন্তক আমাতকৈ বেছি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাজানে। কাৰণ তেওঁ গোটেই জীৱন ৰাজনীতিয়েই কৰি গ’ল। গতিকে একো নজনা মানুহক ক্ষমায়েই কৰিব লাগিব, অন্য উপায় নাই,’ দাসৰ মন্তব্য।

ৰাজনৈতিক নেতা তথা আমোলা-বিষয়াই খগেন মহন্তৰ গুণ-গৰিমা কেতিয়াও উপলব্ধি কৰিব নোৱাৰে বুলি দাবী কৰি তেওঁ ‘এইবোৰ একো একোখন ৰাজনৈতিক নাটক’ বুলিও চৰকাৰক কটাক্ষ কৰে।

খগেন মহন্তৰ পত্নী অৰ্চনা মহন্তৰ শেহতীয়া মন্তব্যৰ লগতে পুত্ৰ অংগৰাগ মহন্তয়ো সমাধিক্ষেত্ৰখন নিজেই নিৰ্মাণ কৰি দিব খোজাৰ কথা উল্লেখ কৰি দাসে কয় ‘এতিয়া তেওঁৰ পুতেক অংগৰাগ মহন্তই সমাধি ক্ষেত্ৰখন নিৰ্মাণ কৰিলে লাজৰ কথা হ’ব।’

উল্লেখযোগ্য যে খগেন মহন্তৰ পত্নী, গায়িকা অৰ্চনা মহন্তই ‘চৰকাৰে অনুমতি দিলে পৰিয়ালৰ লোকে নিজেই এই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিব’ বুলি নৰ্থ ইষ্ট নাও-ৰ আগত পূৰ্বে মন্তব্য কৰিছিল।

তেওঁ লগতে ‘সপোন দেখিছিলো খগেন মহন্তৰ সমাধি ক্ষেত্ৰখন য’ত আছে, সেই ঠাইৰ পৰা বাওঁফালে আঁতৰাই নি স্থাপন কৰিব খুজিছে চৰকাৰে‘ বুলিও মন্তব্য কৰে।

আনহাতে খগেন মহন্তৰ অনুৰাগীসকলৰ জোৰটো কম বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘খগেন মহন্তৰ জন্মদিন আৰু মৃত্যুদিনত চাকি-ধূপ জ্বলোৱাৰ বাহিৰে বাকী ৩৬৩ দিন খগেন মহন্তৰ বাবে একোকে নকৰে।‘

খগেন মহন্তৰ পত্নী, বৰ্ষীয়ান গায়িকা অৰ্চনা মহন্তৰ পিছত জে পি দাসৰ এই তীব্ৰ সমালোচনাৰ উত্তৰ কি হ’ব সোণোৱাল চৰকাৰৰ?