NORTHEAST NOW (Assamese)
অসম

অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে কৃষ্ণাইবাসীয়ে জনালে শ্ৰদ্ধাঞ্জলি

Posted by: নীলমণি শৰ্মা June 27, 2018 10:32 am
IMG-20180626-WA0044

সমগ্ৰ অসম তথা দেশবাসীকে জোকাৰি যোৱা “ডকমকা” কাণ্ডত অকাল মৃত্যুক সাৱতি লোৱা দুই প্ৰতিভাৱান অসমীয়া যুৱকৰ আত্মাৰ শান্তি আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে প্ৰতিবাদ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷

ঠিক সেইদৰে মঙলবাৰে নিশা কৃষ্ণাইৰ টুকুৰাত  অৱস্থিত পাৰ্বতী  অৱেল চাৰ্ভিছ নামৰ তেল ডিপোত চাকি-মম, ধূপ-ধূনা জ্বলাই  ডকমকাত নৃশংসতাৰ বলি হৈ নিহত হোৱা দুই যুৱ শিল্পীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পাৰ্বতী  অৱেল চাৰ্ভিছয়ে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি  অনুষ্ঠানত তেল ডিপোটোৰ কৰ্তৃপক্ষ, কৰ্মচাৰীৰ লগতে বহুতো স্থানীয় লোকে  অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা ৰাইজে ৰাজ্যখনত যাতে এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে সেই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত থকা আটকাধীন নৰপিশাচ কেইজনক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।