NORTHEAST NOW (Assamese)
অসম

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2026 11:11 am

যুদ্ধৰ সময়ত ইৰাণৰ এক বৃহৎ অংশই শত্ৰুৰ পক্ষত যোগদান কৰি দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল! দেশদ্ৰোহৰ এনে অভিযোগৰ ভিত্তিত ইৰাণৰ প্ৰশাসনে ৩০০০ৰো অধিক নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। এই তথ্য সোমবাৰে ইৰাণৰ ন্যায়পালিকাৰ তৰফৰ পৰা ৰাজহুৱা কৰা হয়। কোৱা হৈছে যে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ সময়ত শত্ৰু দেশক প্ৰত্যক্ষভাৱে সহায় আৰু অপপ্ৰচাৰ চলোৱাৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ন্যায়পালিকাৰ মুখপাত্ৰ আছঘৰ জাহাংগীৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, এই পৰ্যন্ত দেশদ্ৰোহৰ অভিযোগত মুঠ ৩২৯২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৬৮৪ জনৰ বিৰুদ্ধে ইজৰাইলক প্ৰত্যক্ষভাৱে সহায় কৰাৰ অভিযোগ আছে। ৰাষ্ট্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ১২৫৮ জন লোকক। গ্ৰেপ্তাৰ হোৱা ১০৬১ জনৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছে।

ইতিমধ্যে দেশদ্ৰোহৰ সন্দেহত শ শ লোকৰ সম্পত্তি জব্দ কৰা হৈছে। ইৰাণত এনে ঘটনা অৱশ্যে নতুন নহয়। মানৱ অধিকাৰ উলংঘাৰ বহু অভিযোগ উত্থাপন হোৱাৰ পিছতো ইৰাণে ইয়াক বিশেষ গুৰুত্ব দিয়া নাই।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা সপ্তাহত ইৰাণৰ ন্যায়পালিকাই জনাইছিল যে ইছফাহান প্ৰদেশৰ ১০০ জন বিশ্বাসঘাতকৰ সম্পত্তি জব্দ কৰা হৈছে। অৱশ্যে ইয়াতকৈ বেছি আৰু কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

জানুৱাৰী মাহত চৰকাৰ বিৰোধী প্ৰতিবাদৰ পিছত ৫০ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তাত থকা প্ৰশাসনে বিৰোধীৰ ওপৰত ভয়ংকৰ দমন-উৎপীড়ন চলায়। এই পৰিস্থিতিৰ মাজতে তেহৰানে দাবী কৰিছে যে যুদ্ধৰ চৰম পৰ্যায়ত আমেৰিকা-ইজৰাইলৰ যৌথ বিমান আক্ৰমণত সহায় কৰা বহু ইৰাণী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে।