NORTHEAST NOW (Assamese)
Popular Stories

জল জীৱন মিছনৰ বৃহৎ কেলেংকাৰী: দেশজুৰি অভিযান দুৰ্নীতি নিবাৰক শাখাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2026 10:00 am

ৰাজস্থানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত জল জীৱন মিছনৰ নামত সংঘটিত হোৱা ৯০০ কোটি টকীয়া বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান দুৰ্নীতি নিবাৰণক শাখাৰ। মঙলবাৰে দুৰ্নীতি নিবাৰণ শাখাৰ নেতৃত্বত ভাৰতৰ ১৫টা বিশেষ স্থানত চলোৱা এই অভিযানে ৰাজ্যখনৰ প্ৰশাসনীয় আৰু ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা এই অভিযানত দুৰ্নীতি নিবাৰক শাখাৰ দলসমূহে ৰাজস্থানৰ জয়পুৰ, বাৰমেৰ, ছিকাৰ আৰু জালুৰত তালাচী চলায়। ইয়াৰ সমান্তৰালভাৱে, বিহাৰ আৰু ঝাৰখণ্ডতো অভিযান চলাই এই কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ নথিপত্ৰ আৰু লেনদেন পৰীক্ষা কৰা হয়। অভিযানকাৰী দলে জল জীৱন মিছনৰ নিবিদা আৱণ্টনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথিপত্ৰ, ইলেক্ট্ৰনিক ৰেকৰ্ড আৰু বেংক লেনদেনৰ তথ্য জব্দ কৰিছে।

এই বৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আইএএছ বিষয়া সুবোধ আগৰৱালো তদন্তৰ আওতালৈ আহিছে। এচিবিৰ সূত্ৰই জনোৱা মতে, তেওঁৰ কাৰ্যকালত ভুৱা অভিজ্ঞতাৰ প্ৰমাণপত্ৰৰ ভিত্তিত একাংশ নিৰ্বাচিত কোম্পানীক কোটি কোটি টকাৰ ঠিকা প্ৰদান কৰাত তেওঁ সহায় কৰিছিল বুলি সন্দেহ কৰা হৈছে। তেওঁৰ বাসগৃহত তালাচী চলোৱাৰ লগতে তেওঁক সোধা-পোছাও কৰা হয়।

সুবোধ আগৰৱালৰ উপৰি কেডি গুপ্তা, নিৰিল কুমাৰ, সুশীল শৰ্মা, ডিকে গৌৰ, মহেন্দ্ৰ চনী, বিশাল ছাক্সেনা, দিনেশ গোৱেল, শুভাংশু দীক্ষিত আৰু অৰুণ শ্ৰীবাস্তৱ নামৰ লোককেইজনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। এই সমগ্ৰ অভিযানৰ তত্বাৱধান কৰিছে এচিবিৰ সঞ্চালক প্ৰধান গোবিন্দ গুপ্তা আৰু অতিৰিক্ত সঞ্চালক প্ৰধান স্মিতা শ্ৰীবাস্তৱে। ডিআইজি ডাঃ ৰামেশ্বৰ সিং আৰু এছপি পুষ্পেন্দ্ৰ সিং ৰাঠোৰৰ নেতৃত্বত গঠিত বিশেষ তদন্তকাৰী দলে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পূৰ্বৰ অশোক গেহলট চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PHED) মন্ত্ৰী মহেশ যোশী আৰু কেইবাজনো অভিযন্তাক এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।