NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2026 12:05 pm

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানক ভূমিস্খলনপ্ৰৱণ হিচাপে চিহ্নিত কৰিছে। গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্পৰ্শকাতৰ স্থানবোৰত জনসাধাৰণৰ নিৰাপত্তাক লৈ সৃষ্টি হোৱা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই এই বিশেষ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

কৰ্তৃপক্ষৰ মূল্যায়ন অনুসৰি, চিহ্নিত কৰা স্থানসমূহৰ সৰ্বাধিক অংশই হৈছে পাহাৰীয়া এলেকা আৰু পূৰ্বে ভূমিস্খলন বা মাটিৰ অস্থিৰতাৰ ইতিহাস থকা অঞ্চল। এই স্পৰ্শকাতৰ স্থানসমূহৰ ভিতৰত পাহাৰৰ এঢলীয়া অংশ, মাটি কটা বা খনন কৰা অঞ্চল আৰু দ্ৰুতগতিত নগৰীকৰণ হোৱা অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈ আছে। ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ, পূৰ্বৰ দুৰ্ঘটনাৰ বিশ্লেষণ আৰু ভৌগোলিক স্পৰ্শকাতৰতাৰ সূচকসমূহ পৰীক্ষা কৰি এই স্থানসমূহ নিৰ্ধাৰণ কৰা বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

এই চিহ্নিত অঞ্চলসমূহত বা ইয়াৰ আশে-পাশে বসবাস কৰা লোকসকলক ধাৰাসাৰ বৰষুণৰ সময়ত প্ৰশাসনৰ তৰফৰ পৰা  সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে,  ভূমিস্খলনৰ আগতীয়া লক্ষণসমূহ, যেনে- মাটিত ফাঁট মেলা, গছ বা বৈদ্যুতিক খুঁটা হালি যোৱা আৰু অস্বাভাৱিকভাৱে পানী নিগৰি ওলোৱা আদিৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ কৰ্তৃপক্ষই জনসাধাৰণক আহ্বান জনাইছে।

সাম্প্ৰতিক বছৰবোৰত গুৱাহাটী মহানগৰীয়ে কেইবাটাও ভয়াৱহ ভূমিস্খলনৰ সন্মুখীন হ’বলগীয়া হৈছে, যিয়ে পাৰিপাৰ্শ্বিকভাৱে স্পৰ্শকাতৰ অঞ্চলসমূহত পৰিৱেশ আৰু নগৰীকৰণৰ বৰ্ধিত হেঁচাক লৈ গভীৰ চিন্তাৰ উদ্ৰেক কৰিছে। অপৰিকল্পিত নিৰ্মাণকাৰ্য, নিৰ্বনানীকৰণ আৰু পাহাৰৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত ক্ৰমৱৰ্ধমান হেঁচাৰ দৰে কাৰকসমূহেই এই স্পৰ্শকাতৰতা বৃদ্ধিৰ মূল কাৰণ বুলি বিশেষজ্ঞসকলে আঙুলিয়াই দিছে।