NORTHEAST NOW (Assamese)
অসম

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 3, 2026 1:28 pm

পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত হয় পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ।

পেলেষ্টাইন ফুটবল এছ’চিয়েশ্যনৰ (পিএফএ) এক বিবৃতিৰ উদ্ধৃতি দি তুৰ্কীৰ সংবাদ সংস্থা আনাড’লু এজেন্সীয়ে এই তথ্য প্ৰকাশ কৰিছে।

পি এফ এয়ে জনোৱা মতে, দখলদাৰী বাহিনীৰ গুলীত আল-আছকাৰৰ মৃত্যু হয়। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা গাজা ষ্ট্ৰিপত শতাধিক পেলেষ্টাইনী খেলুৱৈ আৰু ক্ৰীড়াবিদৰ মৃত্যু হৈছে। তাৰ ভিতৰত গ’লৰক্ষক চেলিম অন্যতম।

সংস্থাটোৰ মতে, ইজৰাইলৰ আগ্ৰাসনত এতিয়ালৈকে ১০০০ৰো অধিক পেলেষ্টাইনী খেলুৱৈয়ে প্ৰাণ হেৰুৱাইছে।

মাত্ৰ পাঁচ মাহ পূৰ্বে আল-আছকাৰৰ বিয়া হৈছিল। বৰ্তমান তেওঁৰ পত্নী গৰ্ভৱতী। আল-আছকাৰৰ মৃত্যুত তেওঁৰ আত্মীয়, সতীৰ্থ, পেলেষ্টাইনৰ ক্ৰীড়া জগতকে ধৰি সমগ্ৰ ক্ৰীড়া জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

চিলিৰ ফুটবল ক্লাব ডিপ’ৰ্টিভ’ পেলেষ্টিনোৱে বুধবাৰে এক বিবৃতিত কয় যে ৩২ বছৰীয়া পেলেষ্টাইনী গ’লৰক্ষক চেলিম আল আছকাৰৰ কৰুণ মৃত্যুত তেওঁলোক গভীৰভাৱে দুখী। ইজৰাইলৰ সেনাই তেওঁক হত্যা কৰিছে। এনে ঘটনা অব্যাহত থকাত তেওঁলোক গভীৰভাৱে ব্যথিত। তেওঁলোকে ন্যায় আৰু শান্তিৰ আহ্বান জনাইছে।