NORTHEAST NOW (Assamese)
Popular Stories

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2026 7:31 pm

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এনচিইআৰটিয়ে ৮ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখনত কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত কংগ্ৰেছৰ স্থিতি সন্দৰ্ভতো পাঠ্যপুথিত সলনি কৰা হৈছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ অধ্যায়ৰ পৰা এডলফ হিটলাৰ আৰু নাজী মতাদৰ্শৰ কথা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে। ইয়াৰ লগতে বিনায়ক দামোদৰ সাভাৰকাৰৰ পূৰ্ণ স্বৰাজৰ দাবীৰ বিষয়টো নতুনকৈ সংযোগ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুৰণি সংস্কৰণ প্ৰত্যাহাৰ কৰি এই নতুন সংস্কৰণ অনা হৈছে। ৮ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ নতুন নাম দিয়া হৈছে এক্সপ্লোৰিং ছচাইটি ইণ্ডিয়া এণ্ড বিয়ণ্ড। এই কিতাপখনত উল্লেখ কৰা হৈছে যে দেশ বিভাজনৰ পৰিকল্পনাক কেৱল মহাত্মা গান্ধী বা কেইজনমান কংগ্ৰেছ নেতাই বিৰোধিতা কৰা নাছিল, বৰঞ্চ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা বৃহৎ অংশই ইয়াৰ বিৰোধিতা কৰিছিল। লগতে কোৱা হৈছে যে দেশ বিভাজন মানি লোৱাটোৱেই একমাত্ৰ পথ আছিল নেকি, তাক লৈ ইতিহাসবিদসকলৰ মাজত আজিও বিতৰ্ক আছে। আগৰ কিতাপখনত কোৱা হৈছিল যে মহাত্মা গান্ধী আৰু বেছিভাগ কংগ্ৰেছ নেতাই বিৰোধিতা কৰিলেও শেষত ইয়াক একমাত্ৰ উপায় হিচাপে মানি লৈছিল।

নতুন কিতাপখনত ২ য় বিশ্বযুদ্ধৰ সময়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰোঁতে হিটলাৰৰ নাম বাদ দিয়া হৈছে। আগৰ কিতাপখনত নেতাজীয়ে একনায়ক আৰু বৰ্ণবৈষম্যবাদী হিটলাৰৰ সমৰ্থন বিচৰা বুলি উল্লেখ আছিল আৰু হিটলাৰৰ নাজী মতাদৰ্শৰ বাবেই যুদ্ধ আৰম্ভ হোৱা বুলি কোৱা হৈছিল। কিন্তু নতুন সংস্কৰণত কোৱা হৈছে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছ বিৰোধী শক্তিৰ পৰা সহায় বিচাৰিছিল। ইয়াত হিটলাৰ আৰু নাজী মতাদৰ্শৰ সকলো কথা বাদ দিয়া হৈছে।

এনচিইআৰটিৰ ৯ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমতো বহুখিনি সলনি কৰা হৈছে। ফৰাচী বিপ্লৱ, ৰাছিয়ান বিপ্লৱ আৰু নাজীবাদৰ উত্থানৰ দৰে অধ্যায়সমূহ ৯ শ্ৰেণীৰ কিতাপৰ পৰা আঁতৰোৱা হৈছে। ইয়াৰ পৰিৱৰ্তে প্ৰাৰম্ভিক মানৱ ইতিহাস, হৰপ্পা সভ্যতা, মেচোপটেমিয়া, মিচৰ আৰু চীনৰ দৰে প্ৰাচীন সভ্যতাৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। এনচিইআৰটিয়ে জানিবলৈ দিয়া মতে আধুনিক বিশ্ব ইতিহাসৰ অধ্যায়সমূহ ১০ শ্ৰেণীলৈ লৈ যোৱা হৈছে। ইতিহাসৰ অংশটো বহলাই তাত বিনায়ক দামোদৰ সাভাৰকাৰক অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্ণ স্বৰাজৰ দাবীৰ অংশটোত কোৱা হৈছে যে ১৯২৫ চনত ভি ডি সাভাৰকাৰেও স্বৰাজৰ দাবী জনাইছিল। আগৰ সংস্কৰণত এই ঐতিহাসিক কথাটো উল্লেখ নাছিল।