NORTHEAST NOW (Assamese)
দেশ

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2026 12:19 pm

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজন লোকে জামিনত মুকলি হোৱাৰ পিছতে নিজৰ পত্নী, দুটা সন্তান আৰু তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰা এগৰাকী কিশোৰীক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেলেংগানাৰ ৰঙা ৰেড্ডী জিলাত সংঘটিত হৈছে এই নৃশংস ঘটনা। অভিযুক্তৰ নাম ৰাজকুমাৰ।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে ৰাজকুমাৰে ছাবাদ অঞ্চলত তেওঁৰ নিজৰ ঘৰতে চোকা অস্ত্ৰৰে পত্নী পাৰ্বতী সৰিতা (৩০) চাৰি বছৰীয়া আৰু ১৮ মহীয়া দুই পুত্ৰক চোকা অস্ত্ৰৰে হত্যা কৰে।

তাৰ পিছত তেওঁ প্ৰায় ছয় কিলোমিটাৰ দূৰৰ এখন গাঁৱলৈ গৈ ১৭ বছৰীয়া এগৰাকী কিশোৰীক হত্যা কৰে। ৰাজকুমাৰে সেই ছোৱালীজনীৰ মাক আৰু আইতাককো হত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, ১৬ মে’ত ছোৱালীজনীয়ে ৰাজকুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰিছিল। তেওঁক পকছো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।

হত্যাকাণ্ডৰ পিছত অভিযুক্তই তেওঁৰ পিতৃক ফোন কৰি সকলো কথা অৱগত কৰে। তাৰ পিছৰে পৰাই তেওঁ পলাতক হৈ আছে।

আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ফৰেনছিক বিশেষজ্ঞ ঘটনাস্থলীত উপস্থিত হৈ পৰীক্ষা অব্যাহত ৰাখিছে। তদন্তকাৰী দলে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰি তালাচী চলোৱা হৈছে। এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ কাৰণৰ তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে।