NORTHEAST NOW (Assamese)
অসম

চৰাইদেউ- নাওবৈচাত বানৰ সংহাৰ ৰূপত আক্ৰান্ত সহস্ৰাধিক

Posted by: এন ই নাও নিউজ June 28, 2018 1:54 pm
বানপানী

বাৰিষাৰ প্ৰথমটো বানে বৰাক উপত্যকাত ব্যাপক তাণ্ডৱ চলোৱাৰ পাছত এতি ব্ৰক্ষ্মপুত্ৰ উপত্যকাটো ইয়াৰ সংহাৰ ৰূপ দেখা গৈছে। বিগত প্ৰায় কিছুদিন ধৰি চলি থকা বৰষুণৰ ফলত চৰাইদেউ জিলাত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। সাপেখাতী, সোণাৰি নগৰৰ পিছত এতিয়া বানত প্লাবিত হৈছে মাহমৰাৰ ১০০খনৰো অধিক গাঁও।

তদুপৰি  টাউকাক, টীয়ক আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কৃষিভূমি, বিদ্যালয়, মহাবিদ‍্যালয়কে আদি কৰি বিস্তীৰ্ণ অঞ্চল। সম্প্ৰতি বানৰ ভয়াৱহ ৰূপৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে বিদ্যালয়সমূহ।

বানপানীআনহাতে নাওবৈচাত শিঙৰা নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে। ইতিমধ্যে এই বানৰ ভয়ংকৰ গ্ৰাসত পৰি দলহাটত বাসগৃহ, দোকান আদি উটি যোৱা দেখা গৈছে। বানৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। সেয়েহে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্তৰ লগতে পশুধনেও।

উল্লেখযোগ্য যে চলিত বানত বিধ্বস্ত হৈ পৰা বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ লৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমিক পৰ্যায়ত ১০০ কোটি টকাৰ বান সাহাৰ্য ঘোষণা কৰিছিল। সম্প্ৰতি উপৰিউক্ত অঞ্চলৰ বান পৰিশঅথিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰ- প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।