বিৰোধীৰ হাতত ভোট চুৰিৰ তথ্য তুলি দিয়া গৱেষণা প্ৰতিষ্ঠানৰ অনুদান বন্ধ কৰিলে মোডী চৰকাৰে

নতুন দিল্লীৰ প্ৰসিদ্ধ গৱেষণা প্ৰতিষ্ঠান চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ডেভেলপিং ছ’চাইটিজ (চি এছ ডি এছ)ৰ ওপৰত নামি আহিছে সংকট। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান কাউন্সিল অৱ ছ’চিয়েল ছায়েন্স ৰিচাৰ্চ (আইচিএছএছআৰ)য়ে প্ৰতিষ্ঠানটোৰ বাবে অনুদান বন্ধ বা স্থগিত ৰখাৰ কথা বিবেচনা কৰিছে।
খবৰ অনুসৰি চি এছ ডি এছৰ মুঠ আয়ৰ ৮০ৰ পৰা ৯০ শতাংশ চৰকাৰী অনুদানৰ পৰা আহে। ২০২৪-২৫ চনত কেৱল আইচিএছএছআৰৰ পৰা প্ৰায় ৫.৮ কোটি টকা আবণ্টন দিয়া হৈছে, যিটোৱে মূলতঃ কৰ্মচাৰীসকলৰ দৰমহাৰ এক বৃহৎ অংশ সামৰি লয়। যদি এই অনুদান হ্ৰাস বা বন্ধ কৰা হয় তেন্তে প্ৰতিষ্ঠানটোৰ অস্তিত্বই সংকটত পৰিব পাৰে।
এই সিদ্ধান্তৰ আঁৰত আছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনক লৈ এক বিতৰ্কিত ঘটনা। চি এছ ডি এছৰ লোক নীতি কাৰ্যসূচীৰ সহ-সঞ্চালক তথা বিশিষ্ট জনমত সমীক্ষক সঞ্জয় কুমাৰে এক্স (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টত মহাৰাষ্ট্ৰৰ কিছুমান বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি আৰু হ্ৰাসৰ কথা তুলি ধৰিছিল। ২০২৪ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ভোটাৰৰ তথ্য তুলনা কৰি তেওঁ ‘অসামঞ্জস্য’ৰ কথা আঙুলিয়াই দিছিল।
বিৰোধী দলসমূহে বিশেষকৈ কংগ্ৰেছে এই তথ্য ব্যৱহাৰ কৰি ‘ভোট চুৰি’ৰ অভিযোগ আনিছিল। ৰাহুল গান্ধীকে ধৰি নেতাসকলে ইয়াক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু পিছত সঞ্জয় কুমাৰে নিজেই পোষ্টটো ডিলিট কৰি ক্ষমা বিচাৰিলে। তেওঁ স্বীকাৰ কৰে যে ডাটা টিমে ভুল কাৰণে শাৰী মিলাই তথ্য পঢ়োতে ভুল হৈছে।
লোকসভা আৰু বিধানসভাৰ তথ্য তুলনা কৰাত ভুল হৈছিল। তেওঁ কয়, “মই আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। এয়া এটা ভুল আছিল।” তেতিয়াও বিতৰ্ক বন্ধ নহ’ল। বিজেপি নেতাসকলে ইয়াৰ বিৰুদ্ধে ‘মিছা আখ্যান’ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰি আইচিএছএছআৰক ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়। এতিয়া আইচিএছএছআৰে চিএছডিএছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
সংস্থাটোৱে নিৰ্বাচন আয়োগক ‘ম্লান’ কৰিবলৈ চেষ্টা কৰাৰ লগতে অনুদানৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল মহাৰাষ্ট্ৰেই নহয়, বিহাৰৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বিৰুদ্ধেও চি এছ ডি এছৰ সমীক্ষাত ‘পক্ষপাতমূলক’ ব্যাখ্যা দিয়াৰ অভিযোগ উত্থাপন হৈছে। আইচিএছএছআৰে কয় যে এইবোৰ ঘটনাই প্ৰতিষ্ঠানটোত প্ৰশাসনিক আৰু আৰ্থিক অনিয়মৰো ইংগিত দিয়ে।