NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2026 11:52 am
কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসী পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা প্ৰণৱ দলেক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱাধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক প্ৰণৱ দলেক গুৱাহাটীৰ সুন্দৰপুৰত থকা তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে। প্ৰথমে তেওঁৰ ঘৰটো আৰক্ষীয়ে ঘেৰি ধৰে আৰু পৰৱৰ্তী সময়ত জিম্মাত লৈ দিছপুৰ থানালৈ লৈ যায়। বোকাখাত থানাৰ এক গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কাষৰীয়া ভূমিত অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত বলগীয়া এই পাঁচ তাৰকাযুক্ত হোটেল প্ৰকল্পটোক লৈ দীৰ্ঘদিনৰে পৰা উত্তেজনা চলি আছিল। এই প্ৰকল্পৰ বাবে চৰকাৰে আবণ্টন দিয়া মাটিক লৈ এক আইনী যুঁজো চলি আছে। বিগত জুন মাহত গুৱাহাটী উচ্চ ন্যায়ালয়েও এই সংক্ৰান্তত অসম পৰ্যটন উন্নয়ন নিগমলৈ কাৰণ দৰ্শাওক জাননী জাৰি কৰিছিল। আচলতে ২০ টা খিলঞ্জীয়া আদিবাসী কৃষক পৰিয়ালে এই হোটেল প্ৰকল্পৰ বিৰুদ্ধে আদালতত এক আবেদন দাখিল কৰিছিল, যাৰ পিছতে ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

আবেদনকাৰী কৃষক পৰিয়ালসমূহৰ অভিযোগ অনুসৰি, তেওঁলোকে পুৰুষানুক্ৰমে খেতি কৰি অহা ভূমিত কোনো ধৰণৰ নিয়মনীতি নোলোৱাকৈয়ে চৰকাৰে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব খুজিছে। তেওঁলোকৰ হাতত বিগত কেইবা দশক পুৰণি ভূমিৰ নথিপত্ৰ আৰু খাজনাৰ ৰচিদ থকা বুলিও তেওঁলোকে দাবী কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ সন্মতি নোলোৱাকৈয়ে উক্ত ভূমিত বেৰ দিয়াৰ লগতে দখল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি কৃষকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়ে নহয়, এনে এক সংবেদনশীল প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পৰিৱেশ আৰু সামাজিক প্ৰভাৱৰ কোনো বাধ্যতামূলক মূল্যায়ন কৰা হোৱা নাই বুলিও তেওঁলোকে স্পষ্ট কৰি দিছে।

প্ৰণৱ দলে আৰু তেওঁৰ সংগঠনে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে এই বৃহৎ হোটেল প্ৰকল্পটোৱে কাজিৰঙাৰ স্থানীয় খিলঞ্জীয়া সমাজৰ জীৱনজীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে কাজিৰঙাৰ স্পৰ্শকাতৰ পৰিৱেশ তন্ত্ৰৰো ব্যাপক ক্ষতি কৰিব। আন্দোলনকাৰী গোটটোৰ মতে, যিখন ভূমিত হোটেল বনাব খোজা হৈছে, সেইখন আচলতে বন্যপ্ৰাণীৰ চৰণীয়া পথাৰ আৰু বানপানীৰ সময়ত জীৱজন্তু আশ্ৰয় লোৱা এক গুৰুত্বপূৰ্ণ স্থান। সেয়েহে মাটিৰ এই বিবাদ সম্পূৰ্ণৰূপে নিষ্পত্তি নোহোৱালৈকে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ তেওঁলোকে চৰকাৰৰ ওচৰত জোৰদাৰ দাবী জনাই আহিছিল। এই পৰিস্থিতিৰ মাজতে এতিয়া প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা কাৰ্যই অঞ্চলটোত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।