মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

কেইসপ্তাহমানৰ আগতে তেওঁ দেশৰ জাৰ্চিত ইতিহাস ৰচনা কৰিছিল। তেওঁ বিশ্বকাপত খেলিছিল। যাৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে ঘটিল মৰ্মান্তিক পৰিণতি। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জেডেন এডামছৰ মাত্ৰ ২৫ বছৰ বয়সতে মৃত্যু হয়। শনিবাৰে (১১ জুলাই) দেশখনৰ ক্ৰীড়া মন্ত্ৰালয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। অৱশ্যে এই অকাল মৃত্যুৰ সঠিক কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
এই খবৰ বিয়পি পৰাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ ফুটবল মহলত শোকৰ ছাঁ পৰিছে। দেশৰ হৈ বিশ্বকাপত এডামছৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছিল। এনে মৃত্যুৱে মাজপথতে স্তব্ধ কৰি দিলে এগৰাকী উদীয়মান তাৰকাৰ কেৰিয়াৰ।
দক্ষিণ আফ্ৰিকাই এইবাৰৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে। এই সফলতাৰ অন্যতম নায়ক আছিল এডামছ। তেওঁ গ্ৰুপ পৰ্যায়ৰ তিনিখন খেলত খেলিছিল। মেক্সিকো আৰু চেক গণৰাজ্যৰ বিৰুদ্ধে প্ৰথম একাদশত তেওঁ সুযোগ পাইছিল।
তাৰ পিছত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত নিৰ্ণায়ক জয়ত তেওঁ বিকল্প হিচাপে ছাপ পেলাইছিল। যদিও নকআউট পৰ্যায়ত ধাৰা ভংগ কৰিব পৰা নাছিল। কানাডাৰ হাতত পৰাজয়ে আফ্ৰিকানসকলৰ সপোন থানবান কৰি পেলালে।
প্ৰতিযোগিতাখন চলি থকাৰ সময়ত এডামছৰ জীৱনলৈ আহিছিল এক ব্যক্তিগত ট্ৰেজেডী। চেক গণৰাজ্যৰ মেচৰ ঠিক এদিন আগতে তেওঁৰ আইতাকৰ মৃত্যু হয়। সেই মেচৰ প্ৰথমাৰ্ধৰ পিছতে এডামছক উলিয়াই নিয়া হৈছিল। ব্যক্তিগত শোক আছিল তীব্ৰ। তথাপি সকলো নেওচি তেওঁ নিজৰ দেশৰ বাবে যুঁজ দি থাকিল।
ক্লাব ফুটবলৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিছে এডামছে। ষ্টেলেনবছ এফ চিৰ যুৱ একাডেমীত উত্থান ঘটিছিল জেডেনৰ। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ মামেলোডি ছানডাউনছ ক্লাবত যোগদান কৰিছিল। প্ৰিট’ৰিয়াৰ এই দলটোৰ হৈ ২০২৫-২৬ ছিজনত CAF চেম্পিয়নছ লীগ জয় কৰিছিল।
২০২২ চনত মোজাম্বিকৰ বিৰুদ্ধে জাতীয় দলৰ হৈ অভিষেক ঘটায় এডামছে। তেওঁ দেশৰ হৈ মুঠ ১৩খন খেল খেলিছে। ২০২৬ চনৰ বিশ্বকাপৰ অৰ্হতা ৰাউণ্ডত তেওঁ দুটা গুৰুত্বপূৰ্ণ গ’ল দিছিল। মাত্ৰ ২৫ বছৰতে তেওঁ দেশৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
যুৱ প্ৰতিভাৰ মৃত্যুত সমগ্ৰ ক্ৰীড়া সমাজে শোক প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকান ফুটবল প্লেয়াৰ্ছ ইউনিয়নে এক বিবৃতিত কয় যে, ‘দক্ষিণ আফ্ৰিকাৰ ফুটবলে এজন প্ৰতিভাৱান খেলুৱৈক হেৰুৱাইছে। এডামছ আছিল এই খেলৰ এজন গৰ্বিত সেৱক। এজন যুৱ প্ৰতিভা যাৰ এতিয়াও বহুখিনি দিবলগীয়া আছিল।’
দেশখনৰ ক্ৰীড়া মন্ত্ৰী গেটন মেকেঞ্জীয়েও শোক প্ৰকাশ কৰিছে। তেওঁ কয়, ‘তেওঁৰ পৰিয়াল, সতীৰ্থ আৰু লাখ লাখ অনুৰাগীয়ে, যিয়ে তেওঁক একাডেমীৰ এজন যুৱ প্ৰতিভাৰ পৰা বাফানা বাফানাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰলৈ উন্নীত হোৱা দেখিছিল, আজি সমগ্ৰ দেশখনে তেওঁলোকৰ সৈতে শোক প্ৰকাশ কৰিছে।’
ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ইনষ্টাগ্ৰামত এক শোক বাৰ্তাত লিখিছে, ‘মোৰ, ফিফা আৰু বিশ্ব ফুটবল সম্প্ৰদায়ৰ সমবেদনা তেওঁৰ পৰিয়াল, বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আছে।’