সংস্থাপনৰ অপেক্ষাত ৰাজ্যৰ ১৫ লক্ষাধিক যুৱক-যুৱতী! সদনত প্ৰকাশ কৰিলে পঞ্জীয়নভুক্ত নিবনুৱাৰ উদ্বেগজনক তথ্য

অসমত বৰ্তমান ১৫.৪৩ লাখৰো অধিক লোক সক্ৰিয় চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে বুলি ১৩ জুলাইত ৰাজ্য চৰকাৰে অসম বিধানসভাত আনুষ্ঠানিকভাৱে অৱগত কৰিছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত দক্ষতা, নিয়োগ আৰু উদ্যোগ মন্ত্ৰী প্ৰশান্ত ফুকনে জনায় যে ২০২৬ চনৰ ৩০ জুনলৈকে দক্ষতা, নিয়োগ আৰু উদ্যোগ সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ গৰাকী চাকৰি প্ৰত্যাশীয়ে পঞ্জীয়ন কৰিছে। সদনত প্ৰকাশ কৰা চৰকাৰী তথ্যই উদঙাই দিছে ৰাজ্যখনৰ নিবনুৱা সমস্যা আৰু নিযুক্তিৰ প্ৰকৃত ছবি।
বিধানসভাত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্যত পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা আছিল ১৫,৮২,۹৮৭ গৰাকী আৰু ইয়াৰ পৰৱৰ্তী সময়ত বিভাগে নিয়মীয়াকৈ বাৰ্ষিক পঞ্জীয়নৰ তথ্য সংৰক্ষণ কৰি আহিছে। পৰিসংখ্যা অনুসৰি, ২০২২ চনত পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা আছিল ১১,৫৩,৯৭১ গৰাকী আৰু সেই বছৰত ১০,৩৪,৬১৩ গৰাকী নতুন চাকৰি প্ৰত্যাশীয়ে পঞ্জীয়ন কৰিছিল। একেদৰে, ২০২৩ চনত মুঠ পঞ্জীয়নৰ সংখ্যা ২০,১০,৫১৭ লৈ বৃদ্ধি পায়, য’ত ৮,৫৬,৫৪৬ গৰাকী নতুনকৈ পঞ্জীয়নভুক্ত হৈছিল। ২০২৪ চনত এই সংখ্যা পুনৰ বৃদ্ধি পাই ২১,১৬,৫৬১ হয়গৈ আৰু সেই বছৰত নতুন পঞ্জীয়নৰ সংখ্যা আছিল ১,০৬,০৪৪ গৰাকী। পৰৱৰ্তী বৰ্ষ অৰ্থাৎ ২০২৫ চনত সক্ৰিয় পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ সংখ্যা ১১,৮৮,১৬০ লৈ হ্ৰাস পায় আৰু ২,৪৯,৭৬৫ গৰাকীয়ে নতুনকৈ পঞ্জীয়ন কৰে।
চলিত বৰ্ষৰ অৰ্থাৎ ২০২৬ চনৰ ৩০ জুনলৈকে বিভাগটোৱে ১৫,৪৩,৩৫০ গৰাকী পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ তথ্য লিপিবদ্ধ কৰিছে আৰু এই সময়ছোৱাত ৩,৫৫,৭৪১ গৰাকী চাকৰি প্ৰত্যাশীয়ে নতুনকৈ নিজৰ নাম পঞ্জীয়ন কৰিছে। ইয়াৰ সমান্তৰালভাৱে, চৰকাৰে সদনক অৱগত কৰে যে ২০২৬ চনৰ ৩০ জুনলৈকে মুঠ ১২,৫২,৭৩১ গৰাকী চাকৰি প্ৰত্যাশীৰ পঞ্জীয়নৰ ম্যাদ উকলি গৈছে বা বাতিল হৈছে।
পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীসকলৰ শৈক্ষিক অৰ্হতাৰ সবিশেষ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সৰ্বাধিক পঞ্জীয়ন স্নাতক ডিগ্ৰীধাৰীৰ মাজত দেখা গৈছে। বৰ্তমান ৰাজ্যত ৬,৪৮,৮৯৯ গৰাকী স্নাতক আৰু ১,১৬,১৫৯ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে। ইয়াৰ লগতে পঞ্জীয়নৰ তালিকাত ৬২,৫৮১ গৰাকী কাৰিকৰী ডিপ্লমাধাৰী আৰু ৬৫,৯৮৯ গৰাকী কাৰিকৰী স্নাতক অন্তৰ্ভুক্ত হৈ আছে, যিয়ে ৰাজ্যখনত নিয়োগ বিচাৰি থকা উচ্চ অৰ্হতাসম্পন্ন যুৱক-যুৱতীৰ এক বৃহৎ অংশক প্ৰতিনিধিত্ব কৰে।
ৰাজ্যৰ নিয়োগ সঞ্চালকালয়ত পঞ্জীয়নভুক্ত নিবনুৱাৰ বৰ্ষভিত্তিক সবিশেষ আৰু চাকৰি প্ৰত্যাশীসকলৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত জানিবলৈ বিচৰা প্ৰশ্নৰ উত্তৰতেই চৰকাৰে এই তথ্যসমূহ বিধানসভাত দাঙি ধৰে। ৰাজ্যখনৰ নিয়োগ ব্যৱস্থা আৰু নিবনুৱা সমস্যাৰ সাম্প্ৰতিক স্থিতি উন্মোচন কৰা এই চৰকাৰী তথ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত সংস্থাপন সৃষ্টিৰ বাবে কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।