মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

অমাৱস্যাৰ পূজা দিবলৈ মন্দিৰলৈ যোৱাৰ কথা আছিল। সেই যাত্ৰাতে ঘটিল বিপৰ্যয়। অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত প্ৰেমিকৰ সৈতে লগ লাগি স্বামীক হত্যা কৰিলে এগৰাকী মহিলাই। হত্যাকাণ্ডত সহায় কৰিছিল আন দুজন যুৱকে। আৰক্ষীয়ে চিচিটিভি ফুটেজ, মোবাইলৰ লোকেচন আৰু ডিজিটেল তথ্য প্ৰমাণৰ ভিত্তিত কেইঘণ্টামানৰ ভিতৰতে সমগ্ৰ ঘটনাৰ ৰহস্য উদ্ঘাটন কৰি পেলায়।
মৃতকৰ নাম ৰমেশ (২৩)। তেওঁ তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ চুলাগিৰিৰ বাসিন্দা আছিল। প্ৰায় দুবছৰ পূৰ্বে শান্তিপুৰমৰ হাছিনী (১৯)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজনী কন্যাও আছে। ৰমেশে হোছুৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল।
আৰক্ষীয়ে জানিব পাৰিছে যে বিয়াৰ পিছতো হাছিনীৰ শৈশৱৰ বন্ধু যুগন্ধৰৰ সৈতে সম্পৰ্ক আছিল। সেই সম্পৰ্ক পিছলৈ প্ৰেমলৈ পৰিণত হ’ল আৰু তেওঁ স্বামীৰ প্ৰতি বিৰক্ত হ’বলৈ ধৰে। তাৰপিছতে হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট ৰচনা কৰে।
মঙলবাৰে হঠাৎ হাছিনীয়ে শ্ৰী মল্লেশ্বৰ স্বামী মন্দিৰত পূজা কৰাৰ প্ৰস্তাৱ দিয়ে। ৰমেশে পত্নী আৰু কণমানি কন্যাৰ সৈতে মটৰবাইকত উঠি ৰাওনা হয়। ৰাস্তাত হাছিনীয়ে বাৰে বাৰে নিজৰ লাইভ লোকেচন মোবাইলৰ পৰা যুগন্ধৰলৈ পঠিয়াই আছিল। ফলত অভিযুক্তসকলৰ দম্পতীহালৰ গতিবিধিৰ ওপৰত চকু ৰখাত কোনো অসুবিধা নহ’ল।
তদন্তকাৰীয়ে সন্দেহ কৰিছে যে গুডুপল্লে মণ্ডলৰ মল্লাপ্পা কাণ্ডা পাহাৰীয়া পথৰ তৃতীয় হেয়াৰপিন মোৰত উপস্থিত হোৱাৰ সময়ত হাছিনীয়ে ইচ্ছাকৃতভাৱে বেগটো পেলাই দিছিল। মটৰবাইকখন বেগটো তুলি ল’বলৈ ৰৈ দিয়াৰ লগে লগে জোপোহাৰ আঁৰৰ পৰা যুগন্ধৰ আৰু তেওঁৰ সহযোগীসকল ওলাই আহে। প্ৰায় ১০০ মিটাৰ খেদি খেদি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৰমেশক। থিতাতে তেওঁৰ মৃত্যু হয়। হত্যাকাণ্ডৰ সময়ত দম্পতীহালৰ কণমানি কন্যাও সেই স্থানৰ ওচৰতে আছিল।
ঘটনাৰ পিছত হাছিনী আৰু কন্যা ঘৰলৈ উভতি নহাত মাকে থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হয়। মন্দিৰৰ কাষতে থকা পথটোৰ পৰা চিচিটিভি ফুটেজত দেখা গৈছে যে ৰমেশে মন্দিৰলৈ যোৱাৰ সময়ত মটৰ চাইকেল চলাইছিল। কিন্তু উভতি অহাৰ পথত হাছিনীক একেখন মটৰবাইকতে দুজন যুৱকৰ সৈতে যোৱা দেখা গ’ল।
ইয়াৰ পিছতে আৰক্ষীয়ে মোবাইল ফোনৰ কল ৰেকৰ্ড, লোকেচন ডাটা আৰু অন্যান্য কাৰিকৰী তথ্য বিশ্লেষণ কৰি মৃতদেহটো উদ্ধাৰ কৰে। হাছিনী, প্ৰেমিক যুগন্ধৰ আৰু আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি বিয়াৰ সময়ত হাছিনী নাবালিকা আছিল বুলি উত্থাপিত অভিযোগৰ তদন্তও চলি আছে। যদি অভিযোগ সত্য বুলি ধৰা পৰে তেন্তে বাল্য বিবাহ আইনৰ অধীনত সুকীয়া গোচৰ ৰুজু হ’ব পাৰে।