চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

যন্তৰ মন্তৰত যোৱা ২০ দিন ধৰি অনশন কৰি থকা সোণম ৱাংচুকক শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায়। ইফালে ককৰোচ জনতা পাৰ্টিৰ নেতা অভিজিৎ দীপকে শনিবাৰে ঘোষণা কৰে যে তেওঁ অনিৰ্দিষ্টকালৰ বাবে অনশনত বহিব। দীপকে অভিযোগ কৰে যে তেওঁক যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত সোমোৱাত বাধা দিয়া হৈছিল। লগতে দিল্লী আৰক্ষীয়ে তেওঁক মাৰধৰ কৰি আটক কৰে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।
জানিব পৰা মতে, দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকাসকলক অতি সোনকালে সেই স্থান খালী কৰিবলৈ আহ্বান জনাইছে। ৱাংচুকক চিকিৎসালয়লৈ নিয়াৰ পিছত প্ৰতিবাদস্থলীত বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে। অহা ২০ জুলাইত ৱাংচুক আৰু তেওঁৰ সমৰ্থকসকলে সংসদলৈ এক সমদল উলিওৱাৰ পৰিকল্পনা কৰিছিল। তাৰ ঠিক দুদিন আগতে এই ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে অভিজিতে অভিযোগ কৰিছিল যে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত ৱাংচুকৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল।
ইফালে আৰক্ষীয়ে সোণমক চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ পত্নী গীতাঞ্জলি জে আংমো তাত উপস্থিত হয়। এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, গীতাঞ্জলিয়ে চিকিৎসালয় কৰ্তৃপক্ষক স্পষ্ট কৰি দিছে যে চিকিৎসকৰ পৰীক্ষা আৰু সন্মতি অবিহনে তেওঁৰ স্বামীক কোনো ধৰণৰ ঔষধ দিব নালাগিব। লগতে তেওঁৰ অনুমতি নোহোৱাকৈ সোণমৰ কোনো চিকিৎসা নকৰিবলৈও তেওঁ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ লগতে পাঁচটা দাবীত যোৱা ২০ দিন ধৰি যন্তৰ মন্তৰত অনশন কৰি আছিল সোণমে। শুকুৰবাৰে পত্নী গীতাঞ্জলিয়ে তেওঁক লগ কৰি অনশন ভাঙিবলৈ কাতৰ অনুৰোধ কৰিছিল যদিও সোণমে অনশন চলাই যোৱাৰ কথা স্পষ্ট কৰি দিছিল।
দিল্লী আৰক্ষীয়ে এক বিবৃতিত জনাইছে যে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰয়োজনীয় চিকিৎসাৰ বাবে ৱাংচুকক চিকিৎসালয়লৈ নিয়া হৈছে। তেওঁক চিকিৎসালয়লৈ নিয়াৰ পিছত আৰক্ষীয়ে যন্তৰ মন্তৰত গোট খোৱা প্ৰতিবাদকাৰীসকলক অতি সোনকালে আৰু শান্তিপূৰ্ণভাৱে সেই স্থান ত্যাগ কৰিবলৈ আহ্বান জনায়। বৰ্তমান সেই স্থানত বহু সংখ্যক আৰক্ষী মোতায়েন কৰি ৰখা হৈছে।