NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2026 12:52 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানে আন্তৰ্জাতিক সৌন্দৰ্য্য প্ৰতিযোগিতা ‘মিছ ৱৰ্ল্ড’ত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। আগন্তুক ৭৫ সংখ্যক সংস্কৰণত দেশক প্ৰতিনিধিত্ব কৰিব আনিকা মেৰাজে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে তেওঁক ‘মিছ ৱৰ্ল্ড পাকিস্তান’ হিচাপে ঘোষণা কৰা হয়।

প্ৰতিবেদন অনুসৰি ‘মিছ পাকিস্তান ইউনিভাৰ্চেল ২০২২’ ডাঃ শ্বাফাক আখতাৰ আৰু ‘মিষ্টাৰ পাকিস্তান ৱৰ্ল্ড’ আট্টাউল্লাহ গুজ্জৰে লাহোৰৰ ফেলেট্টিছ হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত অনিকাক বিজয়ী হিচাপে মুকুট পিন্ধায়।

২৪ বছৰীয়া আনিকাই বিজনেছ এণ্ড ইকোনমি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ অডিটিং আৰু একাউণ্টিঙত স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি আছে।

মিছ ৱৰ্ল্ড ৱেবছাইটত দিয়া প্ৰতিক্ৰিয়াত আনিকাই কয় যে তেওঁৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ অনুমোদিত পাব্লিক একাউণ্টেণ্ট হিচাপে নিজকে প্ৰতিষ্ঠা কৰা। একে সময়তে তেওঁ শিশুৰ অধিকাৰ আৰু ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰি পাকিস্তানৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব বিচাৰে।

ইয়াৰ পূৰ্বে আনিকাই মিছ আৰ্থ, মিছ গ্ল’বেল, মিছ কচমো, মিছ ইকো ইণ্টাৰনেশ্যনেল আৰু মিছ অ’ৰা ইণ্টাৰনেশ্যনেলত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ক’ছ’ভ’ত অনুষ্ঠিত ফ্ৰিডম অৱ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাতো চাৰিটা খিতাপ লাভ কৰে। অহা ৯ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ ভিয়েটনামত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড’ৰ ৭৫ সংখ্যক সংস্কৰণ।