NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2026 6:41 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

যোৱা ২০ জুলাইত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে কৰা বলপ্ৰয়োগৰ প্ৰতিবাদত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত শান্তিপূৰ্ণভাৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু অন্যান্য কেইবাগৰাকীও নেতাক আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ তীব্ৰ নিন্দা কৰি অসম নাগৰিক সন্মিলনে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত এক স্বতন্ত্ৰ তদন্তৰ দাবী জনাই গুৱাহাটীৰ পৰা এক প্ৰেছ বিবৃতি জাৰি কৰিছে।

 

অসম নাগৰিক সন্মিলনে জাৰি কৰা বিবৃতিটোত আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে অশালীন ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদস্থলীত ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে চৰকাৰী প্ৰতিনিধি হিচাপে ৰাহুল গান্ধীক সাক্ষাৎ কৰি প্ৰতিবাদ প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনাইছিল। অৱশ্যে এই মধ্যস্থতা ব্যৰ্থ হোৱাৰ পিছতেই দিল্লী আৰক্ষীয়ে বিৰোধী দলৰ নেতাজনক অন্যান্য প্ৰতিবাদকাৰীসকলৰ সৈতে বলপূৰ্বকভাৱে স্থানান্তৰ কৰে বুলি সংগঠনটোৱে দাবী কৰিছে।

 

বিবৃতিত উল্লেখ কৰা অনুসৰি, যোৱা ২০ জুলাইত বিভিন্ন ছাত্ৰ সংগঠন আৰু যুৱক-যুৱতীসকলে ‘নীট’ (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত গ্ৰহণ কৰা কাৰ্যসূচীত আৰক্ষীয়ে বৰ্বৰভাৱে বলপ্ৰয়োগ কৰিছিল। বিৰোধী দলে এই বিষয়টো সংসদত উত্থাপন কৰিবলৈ চেষ্টা কৰাৰ সময়ত চৰকাৰ পক্ষই বাধা প্ৰদান কৰা বুলি অভিযোগ উঠিছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই বিৰোধী দলে উপায়ান্তৰ হৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত এই আকস্মিক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি কোৱা হৈছে।

 

অসম নাগৰিক সন্মিলনৰ হৈ অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে জাৰি কৰা এই বিবৃতিত আৰক্ষীৰ বিৰুদ্ধে আন কেতবোৰ গুৰুতৰ অভিযোগো উত্থাপন কৰা হৈছে। প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰিবলৈ আৰক্ষীয়ে বহিৰাগত লোক নিয়োগ কৰা আৰু আন্দোলনক বদনাম কৰিবলৈ আৰক্ষী নিজেই অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ তুলি সংগঠনটোৱে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক ‘গণ অনুসন্ধান আয়োগ’ গঠনৰ দাবী জনাইছে। তেওঁলোকৰ মতে, চৰকাৰে আলোচনাৰ পৰিৱৰ্তে দমনমূলক নীতি গ্ৰহণ কৰাৰ ফলতেই পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

 

সাম্প্ৰতিক সময়ত এই বিষয়টো কেৱল প্ৰশ্নকাকত ফাদিলৰ মাজতে আৱদ্ধ নাথাকি চৰকাৰৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্নবোধক চিহ্ন আঁকি দিছে। আনহাতে, বিৰোধী নেতাসকলক আটক কৰা ঘটনা সন্দৰ্ভত চৰকাৰ বা দিল্লী আৰক্ষীৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।