NORTHEAST NOW (Assamese)
Popular Stories

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2026 8:33 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

দীৰ্ঘ ২৬ দিনৰ পাছত অৱশেষত বৃহস্পতিবাৰে নিশা অনশন ভাঙিলে সমাজকৰ্মী সোনম ৱাংচুকে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সোনমক নিজ হাতেৰে খাদ্য খুৱাই অনশন ভংগ কৰায়। সেই সময়ত চিকিৎসালয়খনত আন এজন কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙো উপস্থিত আছিল। অনশন ভংগ কৰাৰ পাছত সমাজকৰ্মী সোনম ৱাংচুকে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে সমগ্ৰ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাৰ হাতত ধৰি সোনমে জনায় যে তেওঁ অতিকে কৃতজ্ঞ আৰু অনশন ভাঙিব পৰাত অত্যন্ত সুখী হৈছে। ইয়াৰ পাছতে তেওঁ কাষতে থকা পত্নী গীতাঞ্জলিকো ধন্যবাদ জনায়। সোনমে উল্লেখ কৰে যে দুই কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬৫ গৰাকী সংসাদ্ই তেওঁলৈ লিখিত অনুৰোধ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল। দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰাৰ পাছতেই তেওঁ এই অনশন আন্দোলন অন্ত পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, নিট পৰীক্ষাৰ প্ৰশ্নপ্ৰত্ৰ ফাদিলৰ উত্তৰ বিচাৰি আৰু দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত যোৱা ২৬ জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰিছিল সোনমে। লাহে লাহে এই আন্দোলনে ৰাজধানী চহৰখনত এক বৃহৎ প্ৰতিবাদৰ ৰূপ লয়। অনশনৰ ফলত সোনমৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক প্ৰথমে এখন চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তাত তেওঁ চিকিৎসা লবলৈ অমান্তি হয়। পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত তেওঁক মেদান্তা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। চিকিৎসালয়ৰ পৰাও তেওঁ শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত নকৰালৈকে অনশন চলাই যোৱাৰ কথা স্পষ্ট কৰি দিছিল।

ইফালে শিক্ষা খণ্ডৰ এই সমস্যাসমূহক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ স্থিতি স্পষ্ট কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সৈতে চৰকাৰে কেতিয়াও বুজাবুজি নকৰে আৰু যুৱপ্ৰজন্মৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰাই চৰকাৰৰ মূল লক্ষ্য। ইয়াৰ উপৰিও ঘটনাৰ দ্ৰুত বিচাৰৰ বাবে ফাস্ট ট্ৰেক আদালত গঠন আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এক বিধেয়কৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই বিধেয়কখন মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰাৰ পাছত আগন্তুক সংসদৰ অধিৱেশনত পাছ কৰোৱাৰ বাবে চৰকাৰে পূৰ্ণ প্ৰচেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে।